বলীউডৰ সফল অভিনেত্ৰী সকলৰ ভিতৰত গণিব পৰা নামটো হৈছে মাধুৰী দীক্ষিতৰ। ১৯৮৪ চনত মাধুৰী দীক্ষিতে ছবি “অবোধ” ৰ পৰা অভিনয় ক্ষেত্ৰখনত খোজ পেলাইছিল। প্ৰথম অৱস্থাত মাধুৰী দীক্ষিতৰ অভিনয় যাত্ৰা সফল নাছিল যদিও ৯০ দশকলৈ তেওঁ বলীউডৰ বহুল “ডিমাণ্ড”ৰ অভিনেত্ৰীৰূপে পৰিগণিত হৈছিল। শেহতীয়াকৈ ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সংবাদ মাধ্যম পিংকভিলাৰ সৈতে হোৱা কথা-বতৰাত তেওঁ জনায় যে অভিনেত্ৰী গৰাকীয়ে প্ৰথম অৱস্থাত সহঃ অভিনেত্ৰীৰ চৰিত্ৰৰে আৰম্ভ কৰিছিল অভিনয়ৰ যাত্ৰা। ইয়াৰ পিছতে, “কৰ্মা” তথা “তেজাব” আদি ছবিৰ দ্বাৰা এই বস্তুবোৰ সলনি হ’বলৈ ধৰে। উক্ত সময়ছোৱাত মাধুৰী প্ৰয়োজনতকৈ অধিক খীন আছিল যদিও এই কথাবোৰে তেওঁক অপকাৰ নকৰিলে আৰু তেওঁ ক্ৰমশঃ কাম কৰি গৈ থকা বুলি ব্যক্ত কৰে।

ইয়াৰ উপৰিও মাধুৰীয়ে কয় যে; “মই খীন আছিলো যদিও মোক বহু লোকে পচন্দ কৰিছিল আৰু এয়াই মোৰ বাবে মহত্বপূৰ্ণ কথা। উল্লেখ্য যে, মাধুৰী নতুনকৈ সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিছে। তেওঁৰ প্ৰথমটো গীত “কেণ্ডেল” -এ ইতিমধ্যে মুক্তি লাভ কৰিছে; যাক সঁহাৰিও জনাইছে একাংশই।
Add comment