ৰণৱীৰ সিং আৰু দীপিকা পাডুকন বলীউডৰ লেখত ল’বলগীয়া বিবাহিত যুঁটিৰ ভিতৰত শীৰ্ষ স্থানত। ৰণৱীৰ সিং বহু ভাল এগৰাকী প্ৰেমিক হোৱা লগতে বৰ্তমান তেওঁ এগৰাকী ভাল জীৱনসংগীও। কিছুদিন পূৰ্বে ফুটবলাৰ সুনীল ছেত্ৰীৰ সৈতে দীপিকা পাডুকন আৰু ৰণৱীৰ সিঙৰ চচিয়েল মিডিয়াত এটি লাইভ প্ৰক্ৰিয়া হৈছিল য’ত দীপিকা আৰু ৰণৱীৰৰ দৰ্শকে নজনা বহুখিনি কথা ব্যক্ত কৰা হৈছিল।

ৰণৱীৰে দীপিকাক নিজৰ কৰিবলৈ বহু উপায় গ্ৰহণ কৰিছিল; যিসমূহ তেওঁ প্ৰায়ে সাক্ষাৎকাৰ যোগে নিজ মুখেই ব্যক্ত কৰে। উক্ত লাইভ অনুষ্ঠানটোতো ৰণৱীৰে এনে এক ঘটনাৰ বিষয়ে ব্যক্ত কৰে। ৰণৱীৰে কয় যে তেওঁ দীপিকাক লগ পোৱা ৬ মাহ পিছতেই তেওঁক বিয়া পাতিবলৈ থিৰাং কৰি লৈছিল যদিও তেওঁ জানিছিল যে অভিনেত্ৰী গৰাকীক নিজৰ কৰি পেলোৱা ইমান সহজ নহয়।

ফলত, দীপিকাক লগ কৰিবলৈ ৰণৱীৰে প্ৰায়ে ফুল লৈ যোৱা বুলি তেওঁ কয়। অকণমান সময়ৰ বাবে লগ কৰিবলৈ গ’লেও তেওঁ দীপিকাৰ বাবে ফুল নিবলৈ পাহৰা নাছিল। দীপিকাৰ পচন্দৰ লিলি ফুল লগত লৈ গৈছিল ৰণৱীৰ সিং। এই ফুলৰ আদান প্ৰদান প্ৰক্ৰিয়াৰ মাজতেই এদিন ৰণৱীৰক নিজ পিতৃয়ে প্ৰশ্ন কৰিছিল যে “ফুলবোৰত কিমান খৰচ কৰি আছা গম পোৱানে?” ইয়াত ৰণৱীৰে দিয়া উত্তৰে হৃদয় জুৰাইছে দৰ্শকৰ। ৰণৱীৰে উত্তৰত কৈছিল যে, ” দেউতা, আপুনি চিন্তা নকৰিব; লক্ষ্মী অৱতাৰ লৈ পিছত বহুত আহিব।” ৰণৱীৰে উক্ত উত্তৰটি বৰ্তমান ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে চচিয়েল মিডিয়াত।
Add comment