মুম্বাই প্ৰতিষ্ঠিত অসম কন্যা পৰিণীতা বৰঠাকুৰৰ এটি ইনষ্টাগ্ৰাম পোষ্টত ফুটি উঠিলে তেওঁৰ সংগ্ৰাম। অভিনয় ক্ষেত্ৰখনত হ’বলগীয়া সংগ্ৰাম সমূহৰ বাবে উঠি অহা অভিনেতা-অভিনেত্ৰী সমূহক কেৱল নিজৰ কৰ্মৰে নহয় মানসিকভাৱে দৃঢ় হয়হে মায়ানগৰীলৈ যাবলৈ তেওঁ আহ্বান জনায়। প্ৰতিটো দিনত হ’বলগীয়া কষ্ট, সংগ্ৰামৰ কথা সঁকিয়াই দি পৰিণীতাই কয় যে, “কেতিয়াবা কিছু প্ৰযোজক ইমানেই বেয়া থাকে যে শিল্পীয়ে তেওঁলোকক টকা খুজিবলৈ প্ৰত্যেকদিনাই তেওঁলোকৰ পিছত পৰিবলগীয়া হয়।” ইয়াৰ উপৰিও পৰিণীতাই কয় যে, যেতিয়া কোনো এটা বস্তুক বৰ বেছিকৈ আশা কৰা হয় আৰু যেতিয়া সেইটো পাবলৈ আশা কৰা ব্যক্তিজন অপৰাগ হৈ পৰে তেতিয়া সকলো ইচ্ছাই শেষ হৈ পৰে।
গতিকে যদিহে কোনোবাই অভিনয় ক্ষেত্ৰখনত খোজ দি মায়ানগৰীলৈ গৈ কাম কৰিব খুজিছে তেনেহ’লে তেওঁলোকে যে কাম পাবই সেই কথা এৰি কেৱল নিজ কৰ্ম কৰি যাব লাগিব বুলি ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে। ১১ মিনিট দৈৰ্ঘ্যৰ এটি ভিডিঅ’ত পৰিণীতাই নিজ জীৱনৰো বহুখিনি কথা খুলি কয় অনুৰাগীৰ মাজত। এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ কঠোৰ বাটছোৱা উপলদ্ধি কৰিব পাৰি তেওঁৰ অনুৰাগীও ভিডিঅ’টোত কমেন্ট কৰা দেখিবলৈ পোৱা যায়।
উল্লেখ্য যে,মুনীন বৰুৱাৰ জনপ্ৰিয় ছবি “নায়ক” ৰে অভিনয় জগতত খোজ পেলোৱা এই গৰাকী অভিনেত্ৰীয়ে কেৱল মাত্ৰ অসমীয়া ছবি অথবা ধাৰাবাহিকতে নিজৰ অভিনয়ৰ যাদু চলোৱা নাছিল; তেওঁ হিন্দী ধাৰাবাহিক অথবা জনপ্ৰিয় ছবিতো কাম কৰাৰ সুবিধা লাভ কৰিছে। “চাচ বহু ঔৰ চেনচেক্স” ৰ লগতে কৰীণা আৰু ছেইফ আলি খানৰ ছবি “কোৰবান” ত অভিনীত অভিনেত্ৰী গৰাকীয়ে সাৱধান ইণ্ডিয়া, ক্ৰাইম পেট্ৰল, প্ৰীতম প্যাৰস ঔৰ ৱ’ আৰু স্বৰাগ্নি আদি হিন্দী জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে অসমীয়া শ্ৰব্য আৰু ভিডিঅ’ চিডি “পৰিণীতা” কে ধৰি অসমীয়া ছবি “পলে পলে উৰে মন” তথা “গানে কি আনে” ৰ সংগীতত কন্ঠদান কৰিছে।
Add comment