নাৰীয়ে প্ৰতিটো মাহতেই এক প্ৰক্ৰিয়াৰ মাজেৰেই জীৱন যাপন কৰিবলগীয়া হয়; এই প্ৰক্ৰিয়াটোত সপ্তাহৰ সাতোটা দিনত হোৱা নাৰীৰ এই মাহেকীয়া ঋতু শ্ৰাৱক লৈ পূৰ্বৰে পৰা বিভিন্ন ভুল মানসিকতাৰ সৃষ্টি হৈছিল সমাজত। মাহেকীয়া ঋতু শ্ৰাৱৰ সময়ছোৱাত নাৰীক “অশুদ্ধ” জ্ঞান কৰি তেওঁ পূজা-পাতল আদিত আগ-ভাগ ল’ব নিদিয়া প্ৰথা বিগত বহু দিনৰ পৰাই চলি আহিছে। এই আটাইবোৰ ভুল ধাৰণাক আঁতৰাবলৈ বহু লোকে চেষ্টা কৰিছে যদিও কিছু সময়ত ই অসাৰ্থক হৈ পৰে। ইয়াৰ উপৰিও, মহিলাৰ মাহেকীয়াৰ সময়ছোৱাত তেওঁলোকে ব্যৱহাৰ কৰা লেতেৰা কাপোৰৰ দ্বাৰা উৎপন্ন হ’বলগীয়া বেমাৰ বোৰক লৈও ইতিমধ্যে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

যোৱা ২৮ মে’ তাৰিখে দেশত পালন হোৱা “The Menstrual Hygiene Day” ( মাহেকীয়া (ঋতুস্ৰাৱ) পৰিচ্ছন্নতা দিৱস) ত একাংশ অসমীয়া অভিনেতা-অভিনেত্ৰীয়ে একাংশ জনসাধাৰণৰ মগজুত মাহেকীয়াক লৈ থকা ভুল মানসিকতাক সংশোধন কৰিবলৈ “ৰেড ডট” চেলেঞ্জ গ্ৰহণ কৰে আৰু চচিয়েল মিডিয়াত পোষ্ট সমূহ আপলোড কৰে।

অৰ্ঘদ্বীপ বৰুৱাকে ধৰি অভিশ্ৰুতি, সুনীতা, অমৃতা, জুবলী আদি সকলোৱে উক্ত “ৰেড ডট” চেলেঞ্জ লোৱা দেখিবলৈ পোৱা যায়। এই চেলেঞ্জ আৰম্ভ কৰে Unicef India নামৰ এক প্ৰতিষ্ঠানে। মাহেকীয়াৰ সময়ত ব্যৱহৃত চেনিটাৰী নেপকিন বৰ্তমানেও নাৰীয়ে বাতৰিকাকতত মেৰিয়াই লুকাই লৈ যাবলগীয়া হয়; এই আটাইবোৰ ধাৰণাক সংশোধনৰ অৰ্থে আন আন ক্ষেত্ৰৰ বহু চিলেব্ৰেটীৰ সৈতে লগ দিছে অসমীয়া শিল্পী সকলেও। চাওঁ আহক এই পোষ্ট সমূহঃ
Add comment