প্ৰথমবাৰৰ বাবে এখন চুটি ছবিৰ সৈতে দৰ্শকৰ সমুখলৈ আহি আছে অভিনেতা কিশোৰ দাস। “লক-ডাউন” ৰ সময়ছোৱাত সৌৰভ বৈশ্যৰ পৰিচালনাৰে আহিবলগীয়া আন এখন চুটি ছবি “I am Fine” ত দেখিবলৈ পোৱা যাব উক্ত অভিনেতা গৰাকীক। ইতিমধ্যে মুক্তিপ্ৰাপ্ত সৌৰভ বৈশ্যৰ চুটি ছবি “Lockdown Chef” য়ে লাভ কৰিছিল বহুল জনপ্ৰিয়তা। চুটি ছবিসমূহৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইখনৰ পিছত সিখনকৈ চুটি ছবিয়ে মুক্তি লাভ কৰিছে; ঠিক তেনেদৰে এইবাৰো এক নতুন বিষয়বস্তুৰ সৈতে আহিছে উক্ত পৰিচালকগৰাকী। আচলতে, মনোৰঞ্জন ক্ষেত্ৰখন কেতিয়াও স্তব্ধ হৈ নপৰে; ই নিজৰ ঠাই নিজেই বিচাৰি লয়। দৰ্শকক মনোৰঞ্জন কৰোৱাবলৈ প্ৰত্যেকজন শিল্পীয়ে সৰু-ডাঙৰকৈ কিবা নহয় কিবা এটা কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিততে, পোন প্ৰথমবাৰৰ কিশোৰ দাসেও হয়টো নিজ অনুৰাগীৰ সমুখলৈ আহিছে এখন চুটি ছবিৰ জৰিয়তে। উল্লেখ্য যে, “লক-ডাউন” ৰ মাজতেই মুক্তি পোৱা সৌৰভ বৈশ্যৰ চুটি ছবি “Lockdown Chef” য়ে জনসাধাৰণ সঁহাৰি পোৱা পিছতেই তেওঁৰ যে আগন্তুক চুটি ছবিখনেও লাভ কৰিব সমাদৰ সেয়া নিশ্চিত হৈ পৰিছে।

কেইবাটাও জনপ্ৰিয় গীতত অভিনীত কিশোৰ দাস বৰ্তমান ব্যস্ত “বান্ধোন” শীৰ্ষক ছবিখনৰ সৈতে। ইয়াৰ পূৰ্বে তেওঁক দেখিবলৈ পোৱা গৈছিল “বিধাতা” শীৰ্ষক ধাৰাবাহিক খনত। কিশোৰ দাস অভিনীত উক্ত চুটি ছবিখনৰ পৰিচালনাৰ লগতে দৃশ্যগ্ৰহণ, সম্পাদনা, শব্দ ব্যৱস্থাপনা সৌৰভ বৈশ্যৰ আৰু আনহাতে ইয়াত কিশোৰ দাসৰ সৈতে অভিনয় কৰিছে য়ুগাস্মিতা মেধিয়ে। চুটি ছবিখনত সংলাপ তাছলিমা ৰহমান আৰু সৌৰভ বৈশ্যৰ লগতে সহঃ পৰিচালকৰ দায়িত্বত আছে কৌশিক নাথ।

“I am Fine” চুটি ছবিখন হ’ব ৰোমান্টিক থ্ৰীলাৰধৰ্মী। আগন্তুক ৩১ মে’ ত মুক্তি কৰি দিয়া হ’ব এই চুটি ছবিখন। সৌৰভ বৈশ্যৰ আন এখন চুটি ছবি উপভোগৰ বাবে বৰ্তমান দৰ্শকো উৎসাহিত হৈ পৰিছে।
Add comment