Rupaliparda.com
অসম জীয়ৰী "Paytm Girl" প্লাবিতা বৰঠাকুৰঃ 1

অসম জীয়ৰী “Paytm Girl” প্লাবিতা বৰঠাকুৰঃ

পৰিণীতা বৰঠাকুৰৰ সমান্তৰালকৈ তেওঁৰ ভগ্নী প্লাবিতা বৰঠাকুৰেও ৰাষ্ট্ৰীয় পৰ্যায়ত এটাৰ পিছত এটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে জড়িত হৈ পৰিছে। দুলীয়াজানত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পী কেৱল অভিনয় বুলিয়ে নহয় তেওঁ জড়িত সংগীতৰ সৈতেও। কেইবাটাও হিন্দী বিজ্ঞাপনৰ মূখ্য মুখখনেই হৈছে প্লাবিতা বৰঠাকুৰৰ। তেওঁ কেইবাবছৰলৈও “Paytm” বিজ্ঞাপনৰ সৈতে জড়িত থকাৰ লগতে তেওঁক “Paytm Girl” বুলিও দৰ্শকে বহু দিনলৈ সম্বোধন কৰিছিল। আমিৰ খান তথা অনুষ্কা শৰ্মাৰ বহু প্ৰত্যাশিত ছবি “PK” ত এটি সৰু চৰিত্ৰ ৰূপায়ন কৰিলেও বলীউডৰ “মিষ্টাৰ পাৰফনিষ্ট” ৰ সৈতে অসম জীয়ৰীয়ে সুবিধা লাভ কৰাটো অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় হৈ পৰিছিল। ইয়াৰ পিছতে প্লাবিতা মূখ্য চৰিত্ৰত অভিনীত “Lipstick Under My Burkha” মুক্তি লাভ কৰে; য’ত প্লাবিতাই কৰা অভিনয়ে চৰ্চা লাভ কৰে জনসাধাৰণৰ মুখত।

অসম জীয়ৰী "Paytm Girl" প্লাবিতা বৰঠাকুৰঃ 2


“Manu and Chow” নামে এক মিউজিক বেণ্ডৰ সৈতে জড়িত প্লাবিতাই বহু ঠাইত অনুষ্ঠানো কৰিছে। তেওঁক বহু ছবিত দেখা নাই যদিও তেওঁ অভিনীত প্ৰায় ৱেব চিৰিজ সফল প্ৰমাণিত হৈছে জনসাধাৰণৰ মাজত। জি৫ তথা Alt Balaji ৰ কেইবাখনো ৱেব চিৰিজত ইতিমধ্যে অভিনয় কৰিছে অভিনেত্ৰী প্লাবিতাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform