Rupaliparda.com
পংকজ কাপুৰৰ "গান্ধী" য়ে একেলগে লাভ কৰিছিল ৮ টা অস্কাৰ বঁটাঃ 1

পংকজ কাপুৰৰ “গান্ধী” য়ে একেলগে লাভ কৰিছিল ৮ টা অস্কাৰ বঁটাঃ

পংকজ কাপুৰ অভিনয় ক্ষেত্ৰৰ এক জনপ্ৰিয় নাম ৰূপে বিবেচিত কৰা হয়; আজি অৰ্থাৎ ২৯ মে’ তাৰিখে তেওঁ নিজৰ ৬৬ তম্ জন্মদিন উদযাপন কৰিছে। বলীউডৰ পৰা টেলিভিছন ক্ষেত্ৰলৈ নিজৰ নাম উজ্বলাই ৰখা পংকজ কাপুৰ অভিনেতা শ্বাহিদ কাপুৰৰ পিতৃ। পংকজ কাপুৰে “গান্ধী” ছবিখনৰ পৰা নিজ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। ১৯৫৪ চনত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেতা অভিনীত ছবি “গান্ধী” য়ে লাভ কৰিছিল ৮ টা অস্কাৰ বঁটা।

পংকজ কাপুৰৰ "গান্ধী" য়ে একেলগে লাভ কৰিছিল ৮ টা অস্কাৰ বঁটাঃ 2

নেশ্বনেল স্কুল অৱ ড্ৰামাত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰা পংকজ বহু সময়লৈ থিয়েটাৰৰ সৈতে জড়িত হৈ আছিল আৰু সেই থিয়েটাৰতে তেওঁ লগ পাইছিল তেওঁৰ প্ৰথম পত্নী নীলিমা অজীমক। পংকজৰ তেওঁৰ প্ৰথম পত্নীৰ সৈতে হোৱা বৈবাহিক বিচ্চেদৰ বিভিন্ন বাতৰিও শুনিবলৈ পোৱা গৈছিল সংবাদ জগতত। ইয়াৰ পিছতেই তেওঁ দ্বিতীয়বাৰ সুপ্ৰিয়া পাঠকৰ সৈতে নিজৰ বিবাহ সম্পন্ন কৰে।

পংকজ কাপুৰৰ "গান্ধী" য়ে একেলগে লাভ কৰিছিল ৮ টা অস্কাৰ বঁটাঃ 3


৮০ দশকত দূৰদৰ্শনত প্ৰচাৰিত ধাৰাবাহিক “কৰমচন্দ” ত মূখ্য ভূমিকা ৰূপায়িত পংকজ কাপুৰৰ অভিনয় এতিয়াও দৰ্শকৰ হৃদয়ত। ইয়াৰ লগতে তেওঁৰ কেইবাখনো ছবি ক্ৰমে “ডাক্তৰ কি মৌত”, “মকবুল” তথা “ধৰ্ম”, “মে প্ৰেম কি দীৱানী হু” ইত্যাদিত অভিনেতা গৰাকীৰ অভিনয় লেখত ল’বলগীয়া। বৰ্তমানেও অভিনেতা গৰাকীক নিজ নাতি-নাতিনীৰ সৈতে দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply