Rupaliparda.com
১২৫ কোটি টকাত বিক্ৰী অক্ষয় কুমাৰৰ "লক্ষ্মী বোম্ব"- 1

১২৫ কোটি টকাত বিক্ৰী অক্ষয় কুমাৰৰ “লক্ষ্মী বোম্ব”-

কিছুসপ্তাহ পূৰ্বে অক্ষয় কুমাৰ “লক্ষ্মী বোম্ব” OTT প্লেটফৰ্মত মুক্তি লাভ কৰা কথা শুনিবলৈ পোৱা গৈছিল। কিন্তু, এই খবৰৰ পূৰ্ণতথ্য বৰ্তমান পোহৰলৈ আহিছে। আচলতে, এটা এন্টাৰটেইনমেন্ট পৰ্টেলৰ ৰিপোৰ্টনুসৰি; ছবিখনৰ এক্সক্লুছিভ প্ৰীমিয়াৰ ৰাইটছ্ এক OTT প্লেটফৰ্মে ইতিমধ্যে লৈছে আৰু ছবিখনে সোনকালেই মুক্তি লাভ কৰিব দৰ্শকৰ মাজত । বহুদিনৰ পৰাই ইয়াৰ চৰ্চা চলি আছিল যদিও সম্প্ৰতি এই কথা স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে, ছবিখনৰ অনলাইন যোগে মুকলি কৰা কথাটোক লৈ আনুষ্ঠানিক ঘোষণা কিন্তু এতিয়াও কৰা হোৱা নাই; এই প্ৰশ্নৰ উত্তৰত এক সূত্ৰই কয় যে, “ছবিখনৰ এতিয়াও কিছু কিছু কাম বাকী আছে। ছবিখনৰ নিৰ্মাতাক এই প্ৰকল্পটোক প্ৰস্তুত কৰি উলিয়াবলৈ আৰু অতি কমেও এক মাহ সময়ৰ প্ৰয়োজন। ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও স্পষ্ট কৰা হোৱা নাই।”

১২৫ কোটি টকাত বিক্ৰী অক্ষয় কুমাৰৰ "লক্ষ্মী বোম্ব"- 2
১২৫ কোটি টকাত বিক্ৰী অক্ষয় কুমাৰৰ "লক্ষ্মী বোম্ব"- 3


ইয়াৰ উপৰিও সূত্ৰই জানিবলৈ দিয়ে যে, OTT প্লেটফৰ্মে উক্ত ছবিখনক মুঠ ১২৫ কোটি টকাত ক্ৰয় কৰে। কিন্তু একাংশৰ মতে, ছবিখনক বহু কম দামত কৰা হ’ল বিক্ৰী। কিয়নো, এই ছবিখন ছলমান খানৰ আগন্তুক ছবি “ৰাধে” ৰ সৈতে একেলগে ছবিগৃহত মুক্তি পালেও অক্ষয় কুমাৰৰ ছবিখনে বস্ক অফিচ কালেকচন কৰিলেহেঁতেন প্ৰায় ২০০ কোটি টকা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.