বলীউডৰ বিবাহ সমূহ হৈছে এনে এক উৎসৱ য’ত সাধাৰণজনে উপভোগ কৰিব নোৱাৰিলেও সুখ অনুভৱ কৰে। বলীউডৰ কোনো অভিনেতা-অভিনেত্ৰীৰ বিবাহৰ ফটোসমূহ এক বৃহৎ সংখ্যাত ভাইৰেল হোৱাৰ উপৰিও বাতৰিৰ শিৰোনামো দখল কৰে। এনেক্ষেত্ৰত, বলীউডৰ অভিনেত্ৰীয়ে বিবাহৰ সময়ত পিন্ধা সাজ-পাৰ যোৰেও সাধাৰণজনৰ দৃষ্টি আকৰ্ষণ কৰে। আজি চাওঁ আহক জনপ্ৰিয় কেইগৰাকীমান অভিনেত্ৰীৰ বিবাহৰ সাজ-পাৰ সমূহৰ দাম আৰু ডিজাইনাৰৰ নাম-
১. ঐশ্বৰ্য্য ৰায় বচ্চনঃ

অভিনেত্ৰী গৰাকীৰ বিবাহক লৈ এটা সময়ত হৈছিল ব্যাপক হাৰত চৰ্চা। ইয়াৰ উপৰিও, অভিষেক বচ্চনৰ সৈতে বিবাহৰ কথা ওলোৱা পিছত সকলোৱে বাট চাই ৰৈছিল তেওঁলোকৰ বিবাহৰ দিনটোলৈ। কাঞ্জীবাদাম শাৰীৰে নিজক সজোৱা এই গৰাকী অভিনেত্ৰীৰ শাৰীখনৰ ডিজাইন কৰিছিল নীতা লুল্লাই। শাৰীখনৰ দাম আছিল ৭৫ লাখ টকা।
২. শিল্পা চেট্টী কুন্দ্ৰাঃ

হাঁহি আৰু ফিগাৰেৰে দৰ্শকৰ হৃদয় জিনা এই গৰাকী অভিনেত্ৰীয়ে বিবাহৰ সময়ত নিজক দিছিল এটা “ট্ৰেডিশ্বনেল লুক”। তেওঁৰ শাৰীখন ডিজাইন কৰিছিল তৰুণ টাহিলিয়ানীয়ে।
৩. কৰীণা কাপুৰ খানঃ

বলীউডৰ নৱাব ছেইফৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা এই গৰাকী অভিনেত্ৰীৰ বিয়াৰ ফটোসমূহক লৈ সহস্ৰজনে অপেক্ষা কৰিছিল। অভিনেত্ৰী গৰাকীয়ে শাহুয়েকৰ বিয়াৰ সাজ যোৰত কিছু নতুনত্ব প্ৰদান কৰি নিজৰ বিবাহৰ দিনা পিন্ধিছিল। এই ঘাগ্ৰা যোৰত নতুনত্ব আনি দিছিল নীতা লুল্লাই।
৪. অনুষ্কা শৰ্মাঃ

কোনে পাহৰিব ক্ৰিকেটৰ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ সেই বিবাহৰ দিনটো! অধিকাংশই তেওঁলোকৰ বিবাহৰ ফটো পোষ্ট কৰি “ৰিলেশ্বনছিপ গ’ল” বুলিও কেপচন দিছিল। চাব্যাচাচ্ছীৰ দ্বাৰা ডিজাইন কৰা অনুষ্কাৰ বিবাহৰ সাজযোৰত ৬৭ জন কাৰিকৰৰ প্ৰয়োজন হৈছিল। এই সাজ যোৰৰ দাম হৈছে ৫০ লাখ টকা।
৫. দীপিকা পাডুকনেঃ

দীপিকা-ৰণৱীৰৰ বিবাহৰ মৰমলগা কিছু ফটো বৰ্তমানেও জনপ্ৰিয়তা লাভ কৰি আছে। চাব্যাচাচ্ছীৰ দ্বাৰা তৈয়াৰ কৰা দীপিকাৰ লেহেংগা যোৰৰ দাম আছিল ৮.৯৫ লাখ টকা। লগতে কিছু ৰিপোৰ্ট মতে গম পোৱা গৈছিল যে, অভিনেত্ৰী গৰাকীয়ে নিজৰ বিবাহৰ অলংকাৰৰ বাবদ খৰচ কৰিছিল ১কোটি টকা আৰু তেওঁৰ মংগলচূত্ৰ ডালৰ দাম আছিল ২০ লাখ টকা।
আপোনাৰ মনলৈও যদি এনে কোনো অভিনেত্ৰীৰ নাম তথা বিবাহৰ কথা মনলৈ আহিছে তেতিয়াহ’লে কমেন্ট কৰি আমাক জনাওঁক।
Add comment