Rupaliparda.com
দীপিকা পাডুকন ও ৰণৱীৰ কাপুৰৰ "য়ে জৱানী হে দিৱানী" ৰ ৭ টা সফল বৰ্ষঃ 1

দীপিকা পাডুকন ও ৰণৱীৰ কাপুৰৰ “য়ে জৱানী হে দিৱানী” ৰ ৭ টা সফল বৰ্ষঃ

পৰিচালক আয়ান মূখাৰ্জীৰ ছবি “য়ে জৱানী হে দিৱানী” য়ে সম্পূৰ্ণ কৰিলে নিজ সাতটা সফল বৰ্ষ। এতিয়াও হয়টো দৰ্শকে ছবিখনৰ একোটি নিৰ্দ্দিষ্ট সংলাপ মনত ৰাখিবলৈ সক্ষম হৈছে। ৩১ মে, ২০১৩ ত মুক্তিপ্ৰাপ্ত উক্ত ছবিখনত প্ৰেম বিচ্ছেদৰ পিছত পোন প্ৰথমবাৰৰ বাবে দীপিকা পাডুকন আৰু ৰণৱীৰ কাপুৰক একেলগে দেখিবলৈ পোৱা গৈছিল। ছবিখনৰ দ্বাৰা বহু প্ৰত্যাশিত এই যুঁটিটোক দেখিবলৈ দৰ্শকো উৎসাহিত হৈ পৰিছিল। এই ছবিখনৰ কাহিনীৰ সলনি ইয়াৰ প্ৰত্যেকটো গীতো আছিল মনপৰশা।

দীপিকা পাডুকন ও ৰণৱীৰ কাপুৰৰ "য়ে জৱানী হে দিৱানী" ৰ ৭ টা সফল বৰ্ষঃ 2

“ৱলম ফিচ্ছকাৰী”, “কৱীৰা” ইত্যাদি গীত বৰ্তমানেও শ্ৰোতাৰ প্লে-লিষ্টত। নৱপ্ৰজন্মক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনত ৰণৱীৰ, দীপিকাৰ উপৰিও অভিনয় কৰিছিল কাল্কি, আদিত্য ৰয় কাপুৰ তথা এভলিন শৰ্মাই।

দীপিকা পাডুকন ও ৰণৱীৰ কাপুৰৰ "য়ে জৱানী হে দিৱানী" ৰ ৭ টা সফল বৰ্ষঃ 3


ছবিখনে ৭ টা বৰ্ষ সম্পূৰ্ণ কৰিলেও এতিয়াও ছবিখন সজীৱ হৈ আছে দৰ্শকৰ হৃদয়ত। আপোনালোকক জনাই থওঁ যে, দীপিকা পাডুকনক দেখিবলৈ পোৱা গ’লহেঁতেন ‘৮৩ ত; কিন্তু ক’ৰ’ণা ভাইৰাছৰ ফলত ইয়াক ৰখাই দিয়া হ’ল আনহাতে ৰণৱীৰ কাপুৰক আগন্তুক সময়ত দেখিবলৈ পোৱা যাব নিজ প্ৰেয়সী ও অভিনেত্ৰী আলিয়া ভাটৰ সৈতে ছবি “ব্ৰহ্মাস্ত্ৰ” ত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.