ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম উজ্বলোৱা অসম কন্যা দেৱলিনা ভট্টাচাৰ্য্যৰ অসমলৈ আন এক অনুদান। কিছুদিন পূৰ্বে বিগ বছ ১৩ ৰ প্ৰতিযোগী দেৱলিনা ভট্টাচাৰ্যই “PM CARES FUND” লৈও অনুদান আগবঢ়াই লগতে এই সময়ছোৱাত এমাহৰ বাবে দুটা মজদুৰ পৰিয়ালৰ দায়িত্বও গ্ৰহণ কৰে তেওঁ। এমাহত মজদুৰ পৰিয়াল দুটাৰ খোৱা লোৱাৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় কাপোৰ আদিৰো যোগান ধৰিছিল অভিনেত্ৰীগৰাকীয়ে। তেওঁৰ এনে মানৱীয়তাৰ পিছত অসমৰ বানপীড়িত জনসাধাৰণৰ বাবে তেওঁ গ্ৰহণ কৰা এনে পদক্ষেপক বৰ্তমান প্ৰশংসা কৰিছে একাংশই। দেৱলিনাই অসমৰ বানপীড়িত লোকলৈ ৭৩ হাজাৰ টকাৰ অনুদান আগবঢ়ায় আৰু লগতে কয় যে, “মই ৭৩,০০০ টকা অনুদান আগবঢ়াইছো আছাম চি.এম ৰিলিফ ফাণ্ডলৈ আৰু মই বিচাৰো আন বহু লোকেই ওলাই আহি অসম চৰকাৰক এনে সময়ত সহায় কৰাটো।”

ইয়াৰ উপৰিও, বিভিন্ন সময়ত দেৱলিনাই অসমবাসীক উদ্দেশ্যি ভিডিঅ’ প্ৰস্তুত কৰে। বিগত ৰঙালী বিহুৰ উলগ যাঁচি তেওঁ বিহু নৃত্যও প্ৰদৰ্শন কৰিছিল। ২০১২ চনত “সাথ নিভানা সাথিয়া” ত কৰা চৰিত্ৰটোৰে দেৱলিনাই চিনাকী লাভ কৰে সকলোৰে মাজত। “গোপী বহু” ৰ বাবে তেওঁক দৰ্শকে প্ৰশংসা কৰা উপৰিও কেইবাটাও বঁটা লাভ কৰে এই অভিনেত্ৰী গৰাকীয়ে।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত হৈও কিন্তু দেৱলিনাই কোনো দিনেই পাহৰা নাছিল তেওঁৰ ঘাই শিঁপা ডাল; সেইবাবেই হয়টো “বিগ বছ ১৩” অন্তৰ্ভূক্ত হোৱা পিছতো “Weekend Ka Vaar” ত তেওঁক পৰিধান কৰা দেখিবলৈ পোৱা গৈছিল অসমীয়া মেখেলা-ছাদৰ। তেওঁৰ শাৰিৰীক কিছু অসুস্থতাৰ বাবে শ্ব’টোৰ পৰা ওলাই আহিবলগীয়া হৈছিল যদিও তেওঁ থকা দিনকেইটাৰ শ্ব’টোত তেওঁৰ খেলৰ প্ৰশংসা কৰিছিল বহুতেই।
Add comment