Rupaliparda.com
বৰষা ৰাণী বিষয়াৰ ক্ৰন্দন; কিন্তু আপ্লুত অনুৰাগীঃ 1

বৰষা ৰাণী বিষয়াৰ ক্ৰন্দন; কিন্তু আপ্লুত অনুৰাগীঃ

নিজ কৰ্মক্ষেত্ৰলৈ মনত পেলাইছে অসমীয়া অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। ঘৰতেই থাকি সংলাপ আওঁৰাইছে এতিয়া অভিনেত্ৰী গৰাকীয়ে। “আনলক ১.০” ত কিছু কিছু প্ৰতিবন্ধকতা খোলাৰ পিছতেই বহু দিনৰ পৰা স্তব্ধ হৈ থকা ছবি ও ধাৰাবাহিকৰ শ্বুটিং সমূহো আকৌ এবাৰ আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে। অনুমতি লাভ কৰাৰ পিছতো কিন্তু আগৰ দৰেই তেনে পৰিৱেশ কোনেও দেখিবলৈ পোৱা নাই বৰ্তমান। সকলোৱোৰ খুলি দিলেও কিছু বাধ্য-বাধকতাত থাকিবলগীয়া হৈছে জনসাধাৰণ। গতিকে এনেক্ষেত্ৰত ঘৰতেই থকা বৰষা ৰাণীয়ে নিজ কৰ্মস্থলীলে মনত পেলাই আওঁৰাইছে সংলাপ। ৰাজতিলক থিয়েটাৰৰ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য্যৰ দ্বাৰা ৰচিত নাটক “মাজনীৰ মনৰ মানুহ” ত অন্তৰ্ভূক্ত সংলাপ এটি ভিডিঅ’ আকাৰে প্ৰস্তুত কৰি ইনষ্টাগ্ৰাম যোগে আপলোড কৰে অভিনেত্ৰী গৰাকীয়ে।

https://www.instagram.com/p/CBA97pnhJEc/?utm_source=ig_web_copy_link
https://www.instagram.com/p/CAAEfA1hzMH/?utm_source=ig_web_copy_link


বিগত বহু দিনৰ পৰা টিক-টকত সক্ৰিয় হৈ থকা অভিনেত্ৰী গৰাকীয়ে বিভিন্ন নৃত্য ভিডিঅ’ আপলোডেৰে দৰ্শকক আকৰ্ষণ কৰি ৰাখিছিল। নিজা কৰিঅ’গ্ৰাফীৰে নৃত্য কৰি অনুৰাগীক আকৃষ্ট কৰা অভিনেত্ৰী গৰাকীয়ে ব্যক্তিগত ইউটিউব চেনেলো খুলি লৈছিল; য’ত তেওঁ অভিনীত ভিন্ন খন ছবিৰ একো একোটা স্মৃতিক ৰোমন্থন কৰি ভিডিঅ’ প্ৰস্তুত কৰে। এই ভিডিঅ’ সমূহত তেওঁৰ লগত ছবিখনত অভিনীত অইন অভিনেতা-অভিনেত্ৰীকো দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform