আজি বিশ্ব পৰিৱেশ দিৱস। সৰুৰ পৰাই আজিৰ দিনটোতেই গছ পুলি ৰুবলৈ শিকোৱা হৈছিল প্ৰত্যেককে; আৰু এই একেটা নিয়ম প্ৰতিটো বছৰত পালন কৰে জনসাধাৰণে। প্ৰকৃতিৰ সৈতে সদায় হেতালি খেলি আহিছে মনুষ্যই; গছ-গছনি কটাৰ উপৰিও প্ৰকৃতিৰ দ্বাৰা সৃষ্ট কিছু নিয়মৰ সাল-সলনি কৰিবলেও চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে জনসাধাৰণক। দিহিং পাটকাই অভয়াৰণ্যত চলিবলগীয়া কয়লা খননৰ বিৰুদ্ধেও ইতিমধ্যে মাত মাতিছে সাধাৰণজনৰ লগতে অসমীয়া অভিনেতা-অভিনেত্ৰীয়ে। আজিৰ দিনটোতেই গছ পুলি ৰোৱাৰ পৰা আদি কৰি অসমীয়া শিল্পী সকলে একোটা পোষ্ট দি জনসাধাৰণক “বিশ্ব পৰিৱেশ দিৱস” ৰ শুভকামনা যঁচা দেখিবলৈ পোৱা গৈছে।
য’ত অভিনেত্ৰী সুকন্যা বৰুৱাই এডাল গছ পুলি ৰুই অনুৰাগীক আকৰ্ষণ কৰিছে তাতেই আকৌ কন্ঠশিল্পী ঋতৃষাই এটি নতুন গীতৰ সৃষ্টি কৰি অনুৰাগীক বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা যাঁচে। চাওঁক এই পোষ্টসমূহঃ
Add comment