Rupaliparda.com
অভিনেতা ৰূপে ৰাইজৰ প্ৰতি দায়বদ্ধতা দেখুৱাইছে যতীন বৰাইঃ 1

অভিনেতা ৰূপে ৰাইজৰ প্ৰতি দায়বদ্ধতা দেখুৱাইছে যতীন বৰাইঃ

এগৰাকী অসমৰ জনপ্ৰিয় অভিনেতা ৰূপে সমাজৰ দায়বদ্ধতা সমূহৰ প্ৰতি লক্ষ্য ৰাখিছে অভিনেতা যতীন বৰাই। অসমীয়া অভিনয় ক্ষেত্ৰখনৰ এক উল্লেখনীয় নাম হৈছে যতীন বৰা। ৮০ দশকৰ পৰা ছবি ও নাটক ক্ষেত্ৰখনত সক্ৰিয় হৈ থকা অভিনেতা যতীন বৰা সৰুৰ পৰাই ভাওঁনা, নাটক তথা মইনা পাৰিজাত আদিত অংশগ্ৰহণ কৰাৰ উপৰিও জ্ঞান লাভ কৰিছিল তবলাটো। যাৰ বাবে তেওঁ লাভ কৰিছিল “বিষাৰদ”। লগতে, তেওঁ সত্ৰীয়া নৃত্যটো পাৰ্গত হৈ পৰিছিল। “কোলাহল” ছবিখনত সৰু এটা চৰিত্ৰ ৰূপায়েনেৰে তেওঁ প্ৰথম প্ৰৱেশ কৰিছিল ছবি জগতখনত। তাৰ পিছতেই, যতীন বৰাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল “উত্তৰকাল” ছবিখনত। ইয়াত তেওঁৰ সহঃ অভিনেত্ৰী ৰূপে আছিল মলয়া গোস্বামী।


“ক’ৰ’ণা ভাইৰাছ” ৰ এনে বিভীষিকাৰ সময়ছোৱাত এই গৰাকী অভিনেতাই জনসাধাৰণক বহুল সহায়-সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। “অসম আৰোগ্য নিধি” লৈ এক লাখ টকাৰ অনুদান আগবঢ়োৱাৰ উপৰিও এই গৰাকী অভিনেতাই সাধাৰণ জনসাধাৰণৰ সহায়ৰ বাবে পাৰ্যমানে প্ৰচেষ্টা হাতত লৈছে। থিয়েটাৰৰ সৈতে জড়িত কিছু কলা-কুশলীক খাদ্যৰ যোগান ধৰি সহায় আগবঢ়ায় অভিনেতা যতীন বৰাই। তেওঁৰ এই পদক্ষেপত তেওঁৰ অনুৰাগীও যথেষ্ট উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছে।

অভিনেতা ৰূপে ৰাইজৰ প্ৰতি দায়বদ্ধতা দেখুৱাইছে যতীন বৰাইঃ 2


মুনীন বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত প্ৰায় ছবিত অভিনীত যতীন বৰাই বাণিজ্যিক ভাৱেও লাভ কৰিছিল সফলতা। হেঙুল, আৱাহন লগতে কহিনুৰ আদি থিয়েটাৰত অভিনীত যতীন বৰাৰ পৰিচালনা ও অভিনয়ৰে নিৰ্মিত বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত “ৰত্নাকৰ”-এ বহু বছৰৰ অন্তত এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ছবিখনে অসমীয়া লোকক পুনৰ এবাৰ ছবি উপভোগ কৰাৰ ক্ষেত্ৰত উৎসাহ ও উদ্গনি জগাইছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform