জনসাধাৰণৰ মাজত পূৰ্বৰে পৰা প্ৰচলিত এটি কথা হৈছে যে পৃথিৱীত মুঠ সাতজন এনে মানুহ থাকে যাৰ দেহৰ গঠন অথবা মুখ মণ্ডলৰ এজনৰ লগত আনজনৰ মিল আছে। সেয়া সাধাৰণ লোকো হ’ব পাৰে নাইবা হ’ব পাৰে কোনো চিলেব্ৰেটীৰ মাজৰ এজন। এনে সাদৃশ্য থকা লোক আচলতে বলীউড অভিনেতাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। বলীউডৰ তাৰকা জনপ্ৰিয় টাইগাৰ শ্ৰফক আকৌ এবাৰ চিনাকী কৰাই দিয়াৰ হয়টো কোনো প্ৰয়োজন নাই। যিয়ে ইতিমধ্যে নিজ অভিনয় ও নৃত্যৰে দৰ্শকক বহুল অংকত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিন্তু আজি আমি আপোনালোকক টাইগাৰৰ নহয়; ক’ম টাইগাৰ সৈতে হুবহু মিল থকা ব্যক্তি এজনৰ কথাহে। তেওঁ হৈছে অসমৰ ডেবিড চহৰীয়া । ডেবিদ হৈছে এগৰাকী মডেল ও জিম ট্ৰেইনাৰ। টাইগাৰৰ অনুৰাগী এইজন যুৱক দেখিবলৈ প্ৰায় টাইগাৰ শ্ৰফৰ দৰেই। ব’ডি হওঁক অথবা চুলিয়েই হওঁক; এবাৰত আপুনি ধৰিবই নোৱাৰিব কোনজন কোন? মংগলদৈৰ নিবাসী ডেবিডৰ দেহৰ গঠনো প্ৰায় টাইগাৰৰ দৰেই।


ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত যেতিয়া তেওঁক সোধা হৈছিল যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এগৰাকী অভিনেতাৰ সৈতে যেতিয়া তেওঁৰ তুলনা কৰা হয় তেতিয়া তেওঁৰ কেনে লাগে? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “অ’ মোৰ ভাল লাগে আৰু নিজকে মই এইক্ষেত্ৰত ভাগ্যৱান বুলি ভাবো যে মোক এজন জনপ্ৰিয় তাৰকাৰ সৈতে তুলনা কৰা হয়। আচলতে, মই বুলিয়ে নহয়; মোৰ ঠাইত যদি আন কোনোবা এজনো হ’লহেঁতেন তেওঁ চাগে একেই অনুভৱ কৰিলেহেঁতেন। কিন্তু মই ভাবো, তুলনাটো পানীৰ সোঁত বৈ অহাৰ দৰে বৈ নাহে; আপুনি নিজেও তুলনা হ’বলৈ সক্ষম হ’ব লাগিব। টাইগাৰ শ্ৰফৰ ইয়াত অথবা বাহিৰতো যথেষ্ট অনুৰাগী আছে যিয়ে হয়টো তেওঁৰ দৰে দেখিবলৈ চেষ্টা কৰে কিন্তু সঁচা কথা ক’বলৈ গ’লে মই তেওঁৰ দৰে দেখিবলৈ কেৱলমাত্ৰ নিজৰ চুলি কিডাল হে দীঘল কৰিছিলো। আৰু ফিটনেছৰ কথালৈ যদি যাওঁ, ফিটনেছ মই ২০০৮ চন; অৰ্থাৎ মোৰ সৰু কালৰ পৰাই ফিটনেছৰ ক্ষেত্ৰত চেষ্টা কৰিছিলো। মাৰ্চিয়েল আৰ্ট আৰু নৃত্যৰ প্ৰতিও মোৰ আগ্ৰহ আছিল কিন্তু ইয়াত প্ৰদৰ্শনৰ বাবে যথেষ্ট ঠাই নোহোৱাৰ বাবে মই ৰৈ গৈছিলো। টাইগাৰ শ্ৰফ এতিয়াও মোৰ প্ৰিয়ৰ ভিতৰত এজন।”

টাইগাৰ শ্ৰফৰ সৈতে তুলনা কৰিলেও তেওঁ নিজৰ ফালৰ পৰা কি ব্যতিক্ৰম কৰিব বিচাৰিব বুলি সোধাত তেওঁ কয় যে, “মোৰ ফালৰ পৰা মই বৰ্তমান নিজৰ কেৰিয়াৰ অৰ্থাৎ খেল আৰু নিউট্ৰিছন চাইন্সৰ ওপৰত গুৰুত্ব দিছো। নিউট্ৰিছন চাইন্সৰ ওপৰত মই ডিপ্ল’মা ল’লো; লগতে মই এগৰাকী পাৰ্ছনেল ট্ৰেইনিং এক্সপাৰ্ট। ইয়াৰ উপৰিও, মই আমাৰ থলুৱা কিছুমান ছবি, ভিচিডি ৰ সৈতে জড়িত। মানুহৰ জীৱনটো আচলতে বহুতেই সৰু গতিকে আপোনাৰ দুৱাৰত টোকৰ মাৰি যিয়ে নাহে কিয় সদায় গ্ৰহণ কৰিব লাগে। মই বৰ্তমান যিয়েই নকৰো কিয়; মই ইয়াত যথেষ্ট সুখী।”
Add comment