Rupaliparda.com
এবছৰত তাপসি পান্নুৰ সফলতাঃ 1

এবছৰত তাপসি পান্নুৰ সফলতাঃ

বিগত এটা বৰ্ষত তাপসি পান্নুৰ ৫ খন ছবিয়ে মুক্তি লাভ কৰিছে। ইয়াৰ লগতেই তাপসি পান্নু বক্স অফিচৰ অংকৰ তুলনাত এগৰাকী সফল অভিনেত্ৰী হ’বলৈ সক্ষম হৈ পৰিছে। অভিনেত্ৰী গৰাকীয়ে ইখনৰ পিছত সিখনকৈ মহিলা কেন্দ্ৰিক ছবি নিৰ্মাণ কৰিছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এক ৰিপোৰ্টনুসৰি, তাপসিৰ বিগত পাঁচোখন ছবিয়ে বৰ্তমানলৈ মুঠ ৩৫২ কোটি টকাৰ বক্স অফিচ কালেকচন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে ক্ৰমে, “বদলা”, “গেম অভাৰ”, “মিশন মংগল”, “সাণ্ড কি আঁখ” আৰু “থপ্পড়”। এই আটাইবোৰৰ ভিতৰত সকলোতকৈ অধিক কালেকচন কৰিছিল “মিশন মংগল” য়ে; কেইবা সপ্তাহলৈ ছবিগৃহত চলি থকা এই ছবিখনৰ কালেকচন আছিল মুঠ ২০২.৯৮ কোটি টকা।

https://twitter.com/taapsee/status/1269240758671826944?s=20
এবছৰত তাপসি পান্নুৰ সফলতাঃ 2


ইয়াৰ উপৰিও, “বদলা” ৰ কালেকচন আছিল ৮৮ কোটি টকা। ইয়াৰ উপৰিও, বাকী তিনিখন ছবিয়ে বক্স অফিচত লেখত ল’বলগীয়া কালেকচন নকৰিলেও দৰ্শকে ইয়াক আকোঁৱালি লৈছিলে। এই খবৰটোত বৰ্তমান তাপসিৰ প্ৰতিক্ৰিয়া সমুখলৈ আহিছে; তেওঁ এটি টুইটৰ জৰিয়তে কয় যে, “মোৰ লাগে যে কোৱাৰেন্টাইনত ৰৈ পেলাই এবাৰ পিছলৈ চোৱাটো দৰকাৰ; যাতে এই দীঘলীয়া যাত্ৰাটোৰ অনুধাৱন কৰিব পাৰো। ধন্যবাদ।” উক্ত পোষ্টটোক উদ্দেশ্যি দিয়া মিৰ্জাইও তাপসি পান্নুক শুভকামনা জ্ঞাপন কৰে। উল্লেখ্য যে, আগন্তুক সময়ত তাপসিৰ বহু কেইখন উল্লেখনীয় ছবি দেখিবলৈ পাব দৰ্শকে। “লক-ডাউন” ৰ সময়ছোৱাত তাপসি বৰ্তমান নিজ দুই ভগ্নীৰ সৈতে সময় অতিবাহিত কৰি আছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.