ক্ৰমশঃ স্বাভাৱিকতালৈ ঘূৰি আহিছে জনসাধাৰণ। ইখনৰ পিছত সিখনকৈ ধাৰাবাহিক বোৰৰো আৰম্ভ কৰা শ্বুটিঙৰ কাম। মুঠতে, দৰ্শকক মনোৰঞ্জন প্ৰদানৰ অৰ্থে সাজু হৈ পৰিছে এতিয়া প্ৰত্যেকজন শিল্পী। ঘৰতেই থাকি চচিয়েল মিডিয়াত একটিভ হৈ থকা অভিনেতা-অভিনেত্ৰী ও কলা-কুশলীয়ে এইবাৰ সম্পূৰ্ণ নিয়ম-নীতিৰ মাজেৰে সাজু হৈছে ধাৰাবাহিক সমূহৰ শ্বুটিঙক লৈ।


বিগত দুমাহ ধৰি স্তব্ধ হৈ থকা ধাৰাবাহিক “বান্ধোন” ৰ ইতিমধ্যে আৰম্ভ কৰা হৈছে ন-শ্বুটিং কাৰ্যসূচী। এটি পোষ্ট যোগে এই কথা দৰ্শকক জানিবলৈ দিয়ে অভিনেতা ও উক্ত ধাৰাবাহিকখনৰ এটি চৰিত্ৰত অভিনীত অভিনেতা কিশোৰ দাসে। “বিধাতা” ধাৰাবাহিকখনৰ পিছত বাপা আহমেদৰ পৰিচালনাৰে চলিত বৰ্ষৰ প্ৰথমটো মাহৰ পৰা প্ৰচাৰিত কৰা হৈছিল “বান্ধোন”।

সংসাৰৰ বিভিন্ন বান্ধোন আৰু সদস্য সকলৰ মাজত কোনো কাৰণবশতঃ হোৱা মতভেদৰ আধাৰ লৈয়ে নিৰ্মাণ কৰা হৈছিল এই ধাৰাবাহিক খন। কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ সমাৱেশেৰে নিৰ্মাণ হোৱা এই ধাৰাবাহিকখন আছিল ৰং চেনেলৰ অন্যতম জনপ্ৰিয় ধাৰাবাহিক। ইয়াত অভিনয় কৰিছে ক্ৰমে গীতাৱলী ৰাজকুমাৰী, প্ৰতিভা চৌধুৰী, দ্বীপন গোস্বামী, মুনমী কলিতা, পংকজ পূজাৰী, কংকী বৰদলৈ, দেৱাশিস বৰঠাকুৰ, অৰ্চনা পূজাৰী, অশ্বিনী ভূঞা, ৰূপম বৰুৱা, অমল বৰুৱা, অনন্যা কাশ্যপ, ৰুমা কলিতা, নীলিম দত্ত, কিশোৰ দাস, ফ্ৰেংকী বৰুৱা, যতীন্দ্ৰ নাথ খনিকৰ, বিজয় শংকৰ শইকীয়া, কমল ৰেৱতী, মণিকা ভৰালী আৰু অজন্তা বৰুৱাই। ইয়াত কাহিনী মৈত্ৰেয়ী গোস্বামীৰ।
Add comment