Rupaliparda.com
চাহ জনগোষ্ঠীৰ প্ৰথম গৰাকী পৰিচালক পদ্ম কৈৰীৰ মৃত্যুঃ 1

চাহ জনগোষ্ঠীৰ প্ৰথম গৰাকী পৰিচালক পদ্ম কৈৰীৰ মৃত্যুঃ

চলিত বৰ্ষটোত বিভিন্ন জন গণ্য-মান্য অভিনেতা ও শিল্পী, কলা-কুশলীৰ মৃত্যুয়ে মৰ্মাহত কৰি তুলিছে সাধাৰণ ৰাইজক। ইজনৰ পিছত সিজন প্ৰতিভাশালী ব্যক্তিৰ মৃত্যুত এতিয়া শোকস্তব্ধ মনোৰঞ্জন জগত। ক্ৰমশঃ একোটাকৈ তৰা যেন হেৰাই গৈছে এই ক্ষেত্ৰৰ পৰা। বলীউডত বিভিন্ন জন শিল্পীৰ মৃত্যুৰ পিছত এইবাৰ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰৰো এগৰাকী পৰিচালক পদ্ম কৈৰীৰ দেহাৱসান ঘটে। গুৱাহাটী স্থিত ডাউন টাউন হাস্পাতালত আজি মৃত্যু ঘটে উক্ত শিল্পী গৰাকীৰ। পৰিচালকৰ সমান্তৰালকৈ পদ্ম কৈৰী এগৰাকী অভিনেতা হোৱাৰ উপৰিও আছিল চাহ জনগোষ্ঠীৰ প্ৰথম গৰাকী চলচিত্ৰ পৰিচালক ও ৰাজনৈতিক নেতা। ১৯৮৫ চনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে শিল্পী গৰাকীক নিৰ্বাচিত কৰা হৈছিল; বিশ্বনাথ চাৰিআলিৰ প্ৰাক্তন বিধায়ক আছিল পদ্ম কৈৰী। তেওঁৰ মৃত্যুত মৰ্মাহত হৈ সংগীত শিল্পী মানস ৰবীনেও এটি পোষ্ট যোগে শোক ব্যক্ত কৰে।

চাহ জনগোষ্ঠীৰ প্ৰথম গৰাকী পৰিচালক পদ্ম কৈৰীৰ মৃত্যুঃ 2


৭০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে উক্ত জনপ্ৰিয় শিল্পী গৰাকীয়ে। চাহ জনগোষ্ঠীৰ এখন জনপ্ৰিয় ছবি ” বধু অৰ্জুন” ৰ পৰিচালক আছিল কৈৰী। লগতে, তেওঁৰ দ্বাৰা নিৰ্মিত আন কেইখনমান ছবি হৈছে ক্ৰমে ৰঙানদী, ৰতনলাল, মায়া আৰু মা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform