Rupaliparda.com
"মই শিক্ষা প্ৰদান কৰাৰ সমান্তৰালকৈ নিজেও প্ৰতিদিনে শিক্ষা গ্ৰহণ কৰি আছো অধ্যাপক হৰিচৰণ ভূঞা বৰবায়নৰ ওচৰত"- মীনাক্ষী মেধি 1

“মই শিক্ষা প্ৰদান কৰাৰ সমান্তৰালকৈ নিজেও প্ৰতিদিনে শিক্ষা গ্ৰহণ কৰি আছো অধ্যাপক হৰিচৰণ ভূঞা বৰবায়নৰ ওচৰত”- মীনাক্ষী মেধি

অসমখন ভিন্ন কৃষ্টি-সংস্কৃতিৰে পৰিপূৰ্ণ। ইয়াত সংগীত, অভিনয়কে আদি কৰি ভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিভাশালী শিল্পী অন্তৰ্ভূক্ত। এনেবোৰ ক্ষেত্ৰৰ মাজত অন্যতম হৈছে সত্ৰীয়া নৃত্য; “সত্ৰ” ৰ পৰা অহা এই “সত্ৰীয়া” নৃত্যধাৰা আৰম্ভ হয় ১৫ শ শতিকাৰ পৰা। ২০০০ চনৰ ১৫ নৱেম্বৰত এক সুকীয়া শৈলীৰ এই নৃত্যক সংগীত নাটক একাডেমীয়ে ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰে। এই নৃত্যশৈলীৰ সৈতে অসমৰ বিভিন্ন জন যুৱক-যুৱতী ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে। এওঁলোকৰ নৃত্য অথবা বিভিন্ন ঠাইত কৰা অনুষ্ঠান সমূহে নৃত্যধাৰাটিৰ প্ৰতি নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক সকলক টানি আনিবলৈ সক্ষম হৈছে। এই নৃত্যধাৰাৰ সৈতে ১২ বছৰ বয়সৰ পৰাই জড়িত এগৰাকী অসম কন্যা হৈছে মীনাক্ষী মেধি। শ্ৰীমতী প্ৰণামিকা গগৈ দাসৰ ওচৰত পাঁচবছৰ বয়সৰ পৰাই ভাৰতনাট্যমৰ শিক্ষা গ্ৰহণ কৰা এই নৃত্যশিল্পীগৰাকীক নিজৰ সংস্কৃতি আৰু গুৰুদুজনাৰ প্ৰতি থকা ভক্তিয়ে সত্ৰীয়া নৃত্যৰ প্ৰতি আকৰ্ষণ কৰে আৰু তাৰপিছতেই শিল্পী গৰাকীয়ে অধ্যাপক জীৱনজিত দত্তৰ অধীনত সত্ৰীয়া নৃত্যৰ আদিপাঠ গ্ৰহণ কৰে ৷ বিগত ১৭ বছৰ ধৰি সত্ৰীয়া নৃত্যৰ সৈতে জড়িত মীনাক্ষী মেধিয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় দৰবাৰত সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ২০১৩ চনত সৎকাৰা (SATKARA : Unleashing the Spirit of Sattriya) শীৰ্ষক অসম চৰকাৰৰ পঞ্জীয়নভুক্ত এটি সংস্থাৰ প্ৰতিষ্ঠা কৰে । “সৎকাৰা” ৰ জৰিয়তে তেওঁৰ অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন ঠাইত কৰ্মশালা আদি অনুষ্ঠিত কৰি আহিছে ৷

"মই শিক্ষা প্ৰদান কৰাৰ সমান্তৰালকৈ নিজেও প্ৰতিদিনে শিক্ষা গ্ৰহণ কৰি আছো অধ্যাপক হৰিচৰণ ভূঞা বৰবায়নৰ ওচৰত"- মীনাক্ষী মেধি 2


ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত তেওঁক “লক-ডাউন”ৰ সময়খিনিত কেনেদৰে নৃত্যচৰ্চা কৰিছে বুলি সোধাত তেওঁ কয় যে, “আমাৰ দিল্লীত যিহেতু স্কুল আছে আৰু লকডাউনৰ বাবে এই আটাইবোৰ বন্ধ হোৱাত আমাৰ ছাত্ৰ-ছাত্ৰীসকলো ইয়ালৈ অহা বন্ধ হৈ গৈছিল। গতিকে আমিও নৃত্যচৰ্চা দুদিনমান বন্ধ ৰাখিবলগীয়াত পৰিছিলো। বন্ধ ৰখাৰ কেইদিনত আমি অকণমান চিন্তাচৰ্চা কৰি এটা সিদ্ধান্তলৈ আহিলো যে এই সময়চোৱাত আমি এনে এটা কাম কৰিব লাগিব যাৰ দ্বাৰা আমাৰ শিল্পীসমূহ একত্ৰিত হৈ থাকিব পাৰো । গতিকে এই চিন্তাক সৰোগত কৰি আমি “সৎকাৰা”ৰ ফেছবুক পেজত “Live The Moment” নামে এটি অনলাইন নৃত্য পৰিৱেশনৰ কাৰ্যসূচী আৰম্ভ কৰিলো। এই কাৰ্যসূচীত আমি সত্ৰীয়া নৃত্যৰ উপৰিও ভাৰতৰ অন্যান্য শাস্ত্ৰীয় নৃত্যধাৰাৰ শিল্পীসকলকো সন্নিৱিষ্ট কৰিলো । এমাহৰ বাবে অবিৰতভাৱে চলা এই অনলাইন লাইভ নৃত্যানুষ্ঠানটোৰ পিছত আমি অসমৰ বিখ্যত চিত্ৰশিল্পী মৃদু মৌচম বৰাদেৱৰ “মেনস্ক্ৰীপ্ট পেইনটিং” ৰ এটা “Lecture cum Demonstration” আগবঢ়াইছিলো। তদুপৰি বিশ্ব নৃত্য দিৱস (World Dance Day) উপলক্ষে ২৯ এপ্ৰিলৰ দিনা “সৎকাৰা” ৰ ফেচবুক পেজত প্ৰখ্যাত সত্ৰীয়া নৃত্যশিল্পী ড° মল্লিকা কন্দলি, সৱিতা শইকীয়া আৰু সংগীত নাটক একাডেমি বঁটা প্ৰাপ্ত অনিতা শৰ্মাৰ এটি অনলাইন লাইভ নৃত্যৰ কাৰ্যসূচীও আমি অনুষ্ঠিত কৰিছিলো ৷ আমাৰ বিশ্বাস সত্ৰীয়া নৃত্যৰ জগতখনত এনেদৰে অনলাইন নৃত্য কাৰ্যসূচী গ্ৰহণ কৰা প্ৰথম অনুষ্ঠান হ’ল “সৎকাৰা” ৷

"মই শিক্ষা প্ৰদান কৰাৰ সমান্তৰালকৈ নিজেও প্ৰতিদিনে শিক্ষা গ্ৰহণ কৰি আছো অধ্যাপক হৰিচৰণ ভূঞা বৰবায়নৰ ওচৰত"- মীনাক্ষী মেধি 3


ইয়াৰ উপৰিও তেওঁ কয় যে, ” লকডাউনৰ সময়চোৱাত আমি অনলাইন ক্লাছৰো ব্যৱস্থা কৰিছিলো। আমাৰ ইয়াত সত্ৰীয়া নৃত্যৰ শিক্ষাগ্ৰহণ কৰা ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশৰ শিক্ষাৰ্থী সকলেও এই অনলাইন ক্লাছত অংশগ্ৰহণ কৰি আছে ৷ আৰু, এনেদৰেই আমি আমাৰ নৃত্যচৰ্চা আগবঢ়াই গৈ আছো। আচলতে, শিক্ষাৰ্থীসকলক নৃত্য শিক্ষা প্ৰদান কৰাৰ সমান্তৰালকৈ মীনাক্ষীয়ে নিজেও তেওঁৰ অধ্যাপকৰ ওচৰত বৰ্তমানো নৃত্যৰ শিক্ষা গ্ৰহণ কৰি আছে। এইক্ষেত্ৰত তেওঁ কয় “সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত অধ্যাপক হৰিচৰণ ভূঞা বৰবায়নৰ ওচৰত মই সত্ৰীয়া নৃত্যৰ শিক্ষা বৰ্তমানো গ্ৰহণ কৰি আছো ৷”

"মই শিক্ষা প্ৰদান কৰাৰ সমান্তৰালকৈ নিজেও প্ৰতিদিনে শিক্ষা গ্ৰহণ কৰি আছো অধ্যাপক হৰিচৰণ ভূঞা বৰবায়নৰ ওচৰত"- মীনাক্ষী মেধি 4


উল্লেখ্য যে, “মনৰ পৰা চিন্তা, চিন্তা পৰা উদ্দেশ্য, উদ্দে‍শ‍্যৰ পৰা শক্তি, শক্তিৰ পৰা গতি, গতিৰ পৰা কৰ্ম, কৰ্মৰ পৰা পুনৰ মন”- এই চিন্তাধাৰাৰে লকডাউনৰ সময়চোৱাত মানুহৰ মানসিক স্বাস্থ্যৰ উত্তৰণৰ উদ্দেশ্যৰে “ইনফিনিটি” নামেৰে সৃষ্টি হোৱা মানস মহন্তৰ এটা মিউজিক ভিডিঅ’ত মীনাক্ষীয়ে অলপতে অভিনয় কৰিছে। ভিডিঅ’টো বৰ্তমান ইউটিউবত উপলব্ধ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform