Rupaliparda.com
বলৰাম দাসৰ "লক-ডাউন" বিশেষ চুটি ছবি "Conditions Apply"- 1

বলৰাম দাসৰ “লক-ডাউন” বিশেষ চুটি ছবি “Conditions Apply”-

“লক-ডাউনে” বিভিন্নজন জনসাধাৰণৰ মাজত কিছু সময়ৰ স্থবিৰতা আনি তেওঁলোকৰ আগন্তুক সময়ভাগ সৰ্বাংগসুন্দৰ কৰাত সহায় কৰিছে। কিছুদিনৰ স্তব্ধতাই যদিও একাংশৰ মাজলৈ হতাশা-নিৰাশা কঢ়িয়াইছে; তৎস্বত্বেও কিন্তু একাংশৰ জীৱনলৈ ই কঢ়িয়াইছে প্ৰশান্তি। এই সময়খিনিত বিভিন্ন লক-ডাউন প্ৰকল্প ইতিমধ্যে জনসাধাৰণে উপভোগ কৰিছে অথবা এই প্ৰকল্পবোৰে বহুল সংখ্যাত মনোৰঞ্জনো প্ৰদান কৰিছে জনসাধাৰণক। গতিকে, এনেক্ষেত্ৰত দৰ্শকৰ কাষ চপাৰ প্ৰচেষ্টা কৰিছে এতিয়া বিভিন্ন জনে। নেশ্বনেল স্কুল অৱ ড্ৰামাৰ পৰা পাছ কৰি অহা অভিনেতা বলৰাম দাসক হয়টো আপোনালোকৰ মাজত আকৌ এবাৰ চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ অভিনেতা সমূহৰ সৈতে কেইবাটাও বিজ্ঞাপনত দেখিবলৈ পোৱা বলৰাম অক্ষয় কুমাৰৰ সৈতে “গব্বৰ ইজ বেক” ছবিখনতো অভিনয় কৰিছে। অসমীয়া “অন্তৰীণ” কে আৰম্ভ কৰি বিভিন্ন খন ছবি অভিনীত বলৰাম দাসে নিজা প্ৰচেষ্টাৰে নিৰ্মাণ কৰি উলিওৱা এখন চুটি ছবিয়ে বৰ্তমান আকৰ্ষণ কৰিছে দৰ্শকক।

বলৰাম দাসৰ "লক-ডাউন" বিশেষ চুটি ছবি "Conditions Apply"- 2


“Conditions Apply” শীৰ্ষক চুটি ছবিখনত এহাল পতি-পত্নীৰ মাজৰ দৈন্দ্বই এটা সময়ত গৈ কেনেদৰে আন্তৰিকতালৈ ঘূৰি যায় তাকেই প্ৰতিফলিত কৰা হৈছে চুটি ছবিখনত। দেশত প্ৰযোজ্য হোৱা প্ৰথমাৱস্থাৰ ২১ দিনীয়া “লক-ডাউনে” কেনেদৰে মতানৈক্যৰ সৃষ্টি হোৱা এহাল স্বামী-স্ত্ৰীক কাষ চপাইছিলে তাকেই উপস্থাপন কৰা হৈছে উক্ত চুটি ছবিখনৰ মাজেৰে। বলৰাম দাসৰ পৰিচালনাৰে এই চুটি ছবিখনত অভিনয় কৰিছে তেওঁ নিজেই লগতে আন এক চৰিত্ৰত অভিনয় কৰিছে তেওঁৰ পত্নী ও অভিনেত্ৰী টিনা ভাটিয়া। ৰাহুল প্ৰদীপৰ কাহিনীৰে নিৰ্মিত ছবিখনৰ সম্পাদনা আৰু কালাৰ ৰূপাংকৰ দাসৰ। বলৰাম আৰু টিনাই নিজাববীয়াকৈ দৃশ্যগ্ৰহণ কৰা এই চুটি ছবিখনৰ কাহিনীয়ে বাৰুকৈয়ে আকৰ্ষণ কৰিছে এতিয়া দৰ্শকক।


এন.এছ.ডিত শিক্ষা গ্ৰহণৰ পিছতো বলৰামে কামৰ বাবে সংঘৰ্ষ কৰিবলগীয়া হৈছিল বুলি এক সাক্ষাৎকাৰ যোগে উৎপল দত্তক তেওঁক জনাইছিল। ফলত তেওঁ অভিনয়ত কৰা অতিৰিক্ততা সমূহ কমাই এনাৰ্জি লেভেল বাহিৰত কমকৈ প্ৰকাশ কৰি, বেছিখিনি ভিতৰত ৰাখি তাক অভিনয়েৰে প্ৰকাশ কৰাৰ পৰীক্ষা কৰিছিল বুলি ব্যক্ত কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform