Rupaliparda.com
আগন্তুক ছবি "ৰাজকুমাৰী" ত প্ৰস্তুতি পৰাশৰৰ দমদাৰ লুকঃ 1

আগন্তুক ছবি “ৰাজকুমাৰী” ত প্ৰস্তুতি পৰাশৰৰ দমদাৰ লুকঃ

অভিনয় ক্ষেত্ৰখনৰ সমান্তৰালকৈ ছবি এখনৰ পৰিচালনাৰ ক্ষেত্ৰতো নিজ খুঁটি মজবুত কৰিবলৈ চেষ্টা অব্যাহৰ ৰাখিছে বৰ্তমান অভিনেতা ও অভিনেত্ৰীয়ে। জুবিন গাৰ্গ, যতীন বৰাৰ দৰেই এইবাৰ পৰিচালনাৰ বাবে নামি পৰিছে চলচিত্ৰ ও ভ্ৰাম্যমাণ ক্ষেত্ৰখনৰ সৈতে জড়িত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰো। ন- ছবিৰ সৈতে বহু বছৰৰ পিছত ছবি ক্ষেত্ৰলৈ পুনৰ বাৰ উভতি আহিছে অভিনেত্ৰী গৰাকী। থিয়েটাৰ ও ছবিৰ ক্ষেত্ৰত নিজ অভিনয়ৰে দৰ্শকৰ হৃদয় জিনা প্ৰস্তুতি পৰাশৰে লাভ কৰিছিল “মহাৰাণী” আখ্যা; ছবি ক্ষেত্ৰলৈ বহু বছৰ অন্তত ঘূৰি অহাক লৈ বৰ্তমান উৎসাহীও হৈ পৰিছে তেওঁৰ অনুৰাগী। “ৰাজকুমাৰী” শীৰ্ষক ছবিখনেৰে পৰিচালনাৰ কাম হাতত লোৱা প্ৰস্তুতিয়ে এই ছবিখনত মূখ্য চৰিত্ৰও ৰূপায়ন কৰিব। হীৰামণি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে গুণজিত বৰ্মন।

আগন্তুক ছবি "ৰাজকুমাৰী" ত প্ৰস্তুতি পৰাশৰৰ দমদাৰ লুকঃ 2


উক্ত প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত এইখনেই প্ৰথম অসমীয়া ব্যয়বহুল অসমীয়া ছবি। অভিজিত ভট্টাচার্য্যৰ কাহিনী, চিত্রনাট্য আৰু সংলাপেৰে নির্মাণ হোৱা এইখনেই হৈছে দ্বিতীয়খন ছবি৷ “ৰামধেনু” ৰ পিছত পুনৰ বাৰ প্ৰস্তুতি-উৎপলক একেলগে দেখিবলৈ পোৱা যাব ছবি “ৰাজকুমাৰী” ত। আনহতে ইয়াত অভিনয় কৰিছে অৰুণ নাথ, প্রস্তুতি পৰাশৰ, উৎপল দাস, ৰিম্পী দাস, অপর্ণা দত্তচৌধুৰী, বিভূতি ভূষণ হাজৰিকা, প্রীতম বৰুৱা, সুকুমাৰ বর্মন, কোকিল শইকীয়া আদি বহুতো৷ ভৰপূৰ একছন সমৃদ্ধ এই ছবিখনত দৰ্শকে আকৌ এবাৰ প্ৰস্তুতিৰ দমদাৰ লুক দেখিবলৈ পাব। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰাই ছবিখনৰ শ্বুটিং আৰম্ভ হ’বলগীয়া আছিল যদিও “লক-ডাউন” ৰ ফলত ইয়াক স্থগিত কৰা হৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform