টিভি ক্ষেত্ৰখনেও বৰ্তমান পাৰ্যমানে দৰ্শকক মনোৰঞ্জন কৰোৱাইছে। একোটাকৈ সুন্দৰ কাহিনীৰ আঁত ধৰি আগবঢ়া ধাৰাবাহিক সমূহে বৰ্তমান সময়ত বহুল সংখ্যাত দৰ্শক টনা দেখিবলৈ পোৱা গৈছে। বৰ বেছি দীঘলীয়া নকৰাকৈ কাহিনীটো এক সুন্দৰ সামৰণিৰে শেষ কৰাৰ বাবেও ধাৰাবাহিক সমূহে দৰ্শকৰ ওপৰত এক ধনাত্মক প্ৰভাৱ বিস্তাৰ কৰা দেখিবলৈ পোৱা গৈছে। এনে ধাৰাবাহিক সমূহৰ ভিতৰত এখন উল্লেখনীয় ধাৰাবাহিক হৈছে “দুটি মনৰ জোনাক”।
কেইবাখনো জনপ্ৰিয় মুখেৰে আৰম্ভণি কৰা এই ধাৰাবাহিকখনত বৰ্তমানৰ দ্বিতীয়টো সংস্কৰণেও আজুৰিছে দৰ্শক। মুনমী ফুকন, সিদ্ধান্ত কলিতা, সুকন্যা ৰাজগুৰু, জলী লস্কৰ, জ্যোতি নাৰায়ণ নাথ আদিৰ অভিনয়ৰে দুগৰাকী বান্ধৱীৰ মাজৰ আন্তৰিকা ও দুয়োগৰাকীৰ মাজৰ প্ৰেমৰ সংঘাতক লৈয়ে নিৰ্মাণ কৰা হৈছিল উক্ত ধাৰাবাহিক খন। কল্পজ্যোতি দাসৰ পৰিচালনাৰে নিৰ্মিত এই ধাৰাবাহিকখনৰ কেমেৰাৰ আঁৰৰ কিছু দৃশ্যাংশক চচিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰা পিছতেই ইয়াত ধাৰাবাহিকখনৰ অনুৰাগীয়ে আহি ভিৰ কৰিছে।

নয়ন সাউদৰ কাহিনী আৰু চিত্ৰনাট্য থকা এই ধাৰাবাহিকখনত চিত্ৰনাট্যৰ দায়িত্বত থকা আন এগৰাকী হৈছে জাহ্নবি মজুমদাৰ। ধাৰাবাহিক খনৰ শীৰ্ষ গীতটিৰ কথা,সুৰ আৰু গীতটিত কন্ঠদান কৰিছে তৰালি শৰ্মাই। ধাৰাবাহিক খনৰ দ্বিতীয়টো সংস্কৰণত নতুনকৈ অভিনয় কৰিছে কমল লোচন, উপাসনা প্ৰিয়ম , প্ৰদ্যুত বিকাশ দাস আৰু ৰূপচন্দা শৰ্মাই।
Add comment