নিজৰ ব্যতিক্ৰমী প্ৰকৃতিৰ বাবে জনাজাত অভিনেতা ৰণৱীৰ সিঙক এইবাৰ দেখিবলৈ পোৱা যাব অভিনেত্ৰী কেটৰিণা কাইফৰ সৈতে। ৰণৱীৰ আৰু কেটৰিণাক পোন প্ৰথমবাৰৰ বাবে একেলগে দেখিবলৈ পোৱা যাব এখন ছবিত। এই ছবিখন পৰিচালনা কৰিবলৈ সাজু হৈছে পৰিচালক জয়া আখতাৰ। “গেংগষ্টাৰ ড্ৰামা” ধৰ্মী হ’ব এই ছবিখনৰ কাহিনীভাগ। “দিল ধড়কনে দো”, “গঁলী বয়” আদিত একলেগে কাম কৰাৰ পিছত আগন্তুক ছবিখনত ৰণৱীৰৰ সৈতে একেলগে কাম কৰিবলৈ এতিয়া উৎসাহী হৈ পৰিছে জয়া আখতাৰ। য’ত ৰণৱীৰৰ সৈতে জয়াৰ এই তৃতীয়খন ছবি তাতেই আকৌ কেটৰিণাৰ সৈতে জয়াৰ এইখন দ্বিতীয়খন ছবি।


জয়া আখতাৰে কেটৰিণাৰ সৈতে এক বন্ধুসুলভ সম্পৰ্ক ৰূপায়ন কৰিছে। বৰ্তমান আলোচনা হৈ থকা এই ছবিখনৰ কাহিনীভাগ আগতেই জয়া আখতাৰে কেটৰিণাক জনাইছিল আৰু আনহাতে ৰণৱীৰেও ছবিখনৰ কাহিনীভাগত সঁহাৰি প্ৰদান কৰিছে। কিন্তু, ছবিখনৰ কাহিনীভাগ আগবঢ়াৰ পূৰ্বেই “লক-ডাউন” য়ে ইয়াত বিৰাম লগাই পেলালে।
Add comment