Rupaliparda.com
বিকি কৌশলৰ মুখত এইবাৰ " Hows The Distance"- 1

বিকি কৌশলৰ মুখত এইবাৰ ” Hows The Distance”-

“লক-ডাউন” ৰ সময়ত নিজৰ প্ৰতি গুৰুত্ব নিদিলেও দেশৰ জনসাধাৰণক উঠি- পৰি সহায়-সহযোগিতা কৰা দেখিবলৈ পোৱা গৈছিল মুম্বাই পুলিচক। আনহাতে, মুম্বাই পুলিচে চচিয়েল মিডিয়াৰ সহায় লৈও জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা লৈছিল; ইয়াৰ বাবে মুম্বাই পুলিচে একোখন ছবিৰ কিছু জনপ্ৰিয় সংলাপ লৈ তাত কিছু সাল-সলনি ঘটাই জনসাধাৰণৰ মাজত উলিয়াই দিছিল। এনে প্ৰচেষ্টাৰে মাজতেই এইবাৰ মুম্বাই পুলিচে “উৰি” ছবিখনৰ এটি দৃশ্যক কাটি লয় আৰু তাত কিছু সলনি কৰি চচিয়েল মিডিয়াত উলিয়াই দিয়ে। “উৰি” ছবিখনৰ পৰা ক্ষন্তেকতে দৰ্শকক আকৰ্ষণ কৰা সংলাপ “Hows The josh” ক সলাই ইয়াৰ পৰিৱৰ্তে ছবিখনত অভিনীত বিকি কৌশলৰ মুখত লগাই দিয়া হয় সংলাপ ” Hows The Distance”।


উক্ত সংলাপটোৰ উত্তৰত দিয়া হয় “6 Feet Sir”। “লক-ডাউন” ৰ সময়ত জনসাধাৰণক সজাগতা প্ৰদান কৰাৰ উপৰিও কিছু সৃজনীমূলক কামেৰে তেওঁলোকৰ মাজত সচেতনতা বৃদ্ধিৰো চেষ্টা চলোৱা হৈছে। মুম্বাই পুলিচৰ ফালৰ পৰা আপডেট হোৱা এই পোষ্টটো বিকি কৌশলেও নিজাববীয়াকৈ শ্বেয়াৰ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform