Rupaliparda.com
শ্বাহৰুখ খানৰ মুখত অমিতাভে দিলে দৈ-ক্ৰীমঃ 1

শ্বাহৰুখ খানৰ মুখত অমিতাভে দিলে দৈ-ক্ৰীমঃ

প্ৰত্যেক গৰাকী পিতৃ-মাতৃৰ এটা সপোন থাকে যে তেওঁলোকৰ সন্তানৰ নামেৰেই যাতে তেওঁলোকে সমাজত চিনাকী লাভ কৰে। ডাঙৰ পৰ্দাত নিজৰ ল’ৰা-ছোৱালীৰ প্ৰতিভা চোৱাটো প্ৰত্যেকগৰাকী চিলেব্ৰেটী পিতৃ-মাতৃৰেই ইচ্ছা। সেইবাবেই হয়টো অমিতাভ বচ্চনে নিজৰ নাতি জীয়ৰী আৰু শ্বাহৰুখে নিজ পুত্ৰৰ যুঁটি ইতিমধ্যে বনাই পেলাইছে; এতিয়া মাথো অপেক্ষা দুয়োগৰাকীক একেলগে একেখন স্ক্ৰীণত চাবলৈ। শ্বাহৰুখৰ মতে, তেওঁৰ পুত্ৰ অবৰাম আৰু ঐশ্বৰ্য্য ৰায়-অভিষেক বচ্চনৰ জীয়ৰী আৰাধ্যাই একালৰ জনপ্ৰিয় যুুঁটি ক্ৰমে শ্বাহৰু-কাজল আৰু অভিষেক-ঐশ্বৰ্য্যকো পিছ পেলাবলৈ সক্ষম হ’ব।

শ্বাহৰুখ খানৰ মুখত অমিতাভে দিলে দৈ-ক্ৰীমঃ 2

আচলতে, এক সংবাদমেল যোগে যেতিয়া শ্বাহৰুখ খানক ৰণৱীৰ সিং-দীপিকা, ৰণৱীৰ কাপুৰ-দীপিকা, আলিয়া-সিদ্ধাৰ্থৰ মাজৰ এটা শ্ৰেষ্ঠ যুঁটি নিৰ্বাচন কৰাৰ কথা কৈছিল তেতিয়া তেওঁ এই আটাইবোৰক নাকচ কৰি নিজ পুত্ৰ অবৰাম আৰু অমিতাভ বচ্চনৰ নাতি আৰাধ্যাৰ যুঁটি সৰ্বশ্ৰেষ্ঠ হ’ব বুলি মন্তব্য কৰে। কিন্তু, এই কথাত অসন্মতি জনাই তেওঁৰেই সহঃ অভিনেত্ৰী কাজলে কয় যে, “এয়া অসম্ভৱ! কিয়নো অবৰাম আৰাধ্যাতকৈ যথেষ্ট সৰু।”

শ্বাহৰুখ খানৰ মুখত অমিতাভে দিলে দৈ-ক্ৰীমঃ 3


শ্বাহৰুখ খানে এই কথাৰো এক সুন্দৰ উত্তৰ দি কয় যে, “প্ৰেমে বয়স নামানে।” কিং খানৰ এই কথাটোত সুখী হৈ অমিতাভেও ইয়াৰ প্ৰতিক্ৰিয়া দিয়ে আৰু কয় যে “তেওঁৰ মুখত ঘি-চেনী গাখীৰ আৰু ক্ৰীম।” মহানায়ক অমিতাভ বচ্চনৰ সৈতে শ্বাহৰুখ খানে কেইবাখনো ছবি একেলগে কৰিছে। ২০০১ চনত দুয়োগৰাকী অভিনেতা অভিনীত ছবি “কভি খুসি কভি গম” ছবিগৃহত ব্লকব্লাষ্টাৰ আছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.