Rupaliparda.com
বিদিশা নয়ন ভূঞাৰ কন্ঠৰে নতুন গীত "ধিমি ধিমি জ্বলে"- 1

বিদিশা নয়ন ভূঞাৰ কন্ঠৰে নতুন গীত “ধিমি ধিমি জ্বলে”-

“জিঁয়া জিঁয়া” ৰ বহুল সফলতাৰ পিছত আকৌ এবাৰ এটি নতুন গীতৰ সৈতে আগবাঢ়িবলৈ সাজু হৈছে কন্ঠশিল্পী বিদিশা নয়ন ভূঞা। নিজ মাতৃৰ পৰা পোন প্ৰথমে গীত গাবলৈ অনুপ্ৰেৰণা লাভ কৰা এই গৰাকী কন্ঠশিল্পীয়ে পোন প্ৰথমে নিজ মাতৃৰ পৰাই আহৰণ কৰিছিল সংগীতৰ আদিপাঠ। “হিন্দুস্তানী ক্লাছিকেল মিউজিক” ৰ প্ৰতি সৰুতেই আকৰ্ষিত হোৱা বিদিশা নয়নে পিছলৈ কেছেটত পুলক বেনাৰ্জী ও শান্তা উজীৰৰ গীত শুনি সংগীতৰ প্ৰতি সম্পূৰ্ণৰূপে ঢাল খাই পৰে। আগন্তুক সময়ত মুক্তিপাবলগীয়া তেওঁৰ “ধিমি ধিমি জ্বলে” শীৰ্ষক গীতটিত কন্ঠদান কৰাৰ উপৰিও ইয়াত কথা আৰু ব্যৱস্থাপনাও হৈছে বিদিশা নয়নৰ। এই গীতটি পৰিচালনা দীপক দে’ৰ আৰু ইয়াত সংগীত দিছে ডেবিড কাশ্যপে।

বিদিশা নয়ন ভূঞাৰ কন্ঠৰে নতুন গীত "ধিমি ধিমি জ্বলে"- 2


ৰূপালীপৰ্দাৰ সৈতে পূৰ্বতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে, “শ্ৰোতাক এটা গীতৰ প্ৰতি আকৰ্ষিত কৰিবলৈ গীতটোত সকলোবোৰ বস্তুৱেই সুন্দৰ হোৱাটো প্ৰয়োজনীয়। গীতটিৰ কথাৰ লগতে তাত থকা সংগীতো শ্ৰোতাৰ ভাল লগা হ’ব লাগিব। আৰু, শেষত গীতটি পৰিৱেশন কৰা কন্ঠটো; কন্ঠটো যদি শুৱনি নহয় তেতিয়াহ’লে গীতটিয়ে শ্ৰোতাক যি দিব খোজে সেইটো দিব নোৱাৰে। মই বিশ্বাস কৰো, কিছুমান ব্যতিক্ৰমী কন্ঠই সদায় শ্ৰোতাক এক নতুনত্ব দিয়ে। গতিকে মিউজিক, কম্পজিচন, সুৰৰ লগতে কন্ঠটোও এটা গীতৰ বাবে গুৰুত্বপূৰ্ণ আহিলা।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.