দেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সমগ্ৰ জনসাধাৰণ সন্মুখীন হৈছে কিছু অনাকাংক্ষিত চিন্তাৰ। ক’ৰ’ণা ৰোগীৰ বাঢ়ি অহা সংখ্যাই মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰা যেন একেবাৰেই আঁতৰাই দিছে মনোৰঞ্জনক তেনে এক মানসিকতা দেখিবলৈ পোৱা গৈছে। বৰ্তমান চিনেমা হ’লৰ ডাঙৰ এখন স্ক্ৰীণ, আন্ধাৰ কোঠা আৰু এখন সুন্দৰ ছবি উপভোগ কৰা অভিজ্ঞতা ক্ৰমশ হেৰাই যাবলৈ ধৰিছে আৰু আনহাতে ইখনৰ পিছত সিখন ডিজিটেল প্লেটৰ্ফমত মুক্তি পোৱা ছবিৰ সংখ্যা বঢ়াত জনসাধাৰণো নিজৰ ঘৰতেই নিজ ইচ্ছা মতে এখন ছবি চাবলৈ বাধ্য হৈ পৰিছে।


ছবিখনৰ নিৰ্মাতা ও প্ৰযোজক সকলৰ সন্মুখত এতিয়া এক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে কিয়নো সম্প্ৰতি ১০০-২০০ কোটি বস্ক অফিচ কালেকচনৰ কোনো প্ৰশ্নই অহা নাই। কম বাজেটৰ ছবিৰ বাবে যদিও ই গ্ৰহণযোগ্য তৎস্বত্বেও ডাঙৰ বাজেটৰ ছবি এখন যদি মুকলি কৰা হয় ডিজিটেল প্লেটফৰ্মত তেতিয়াহ’লে ইয়াৰ পৰা কোনো ধৰণৰ লাভালাভৰ কথা ভাবিব পৰা নাযায়।

ডিজিটেল প্লেটফৰ্মত মুক্তি হ’লে ছবিগৃহৰ সোঁৱাদৰ পৰা সম্পূৰ্ণ বঞ্চিত হ’ব জনসাধাৰণ। য’ত ছবিখনৰ প্ৰযোজক ও পৰিচালকে মুক্তি পোৱাৰ পূৰ্বেই টিকেট বুকিঙৰ পৰাই লাভ অৰ্জন কৰিছিল; ডিজিটেল প্লেটফৰ্মত এতিয়া ভিউৱাৰচ শ্বিপৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াৰ জনপ্ৰিয়তা। পূৰ্বতে অক্ষয় কুমাৰ ও ছলমানৰ একছন দৃশ্যত য’ত একাংশই ছবিগৃহতেই সুহুঁৰি বজাইছিল; এতিয়া আকৌ ফোনত ছবিখন উপভোগ কৰাত ইয়াত থকা দৃশ্যৰ গুণাগুণ অত্যাধিক কমি পৰিব।
Add comment