Rupaliparda.com
"লক-ডাউন" ত নিৰ্মিত চুটি-ছবি "গ্ৰহণ" ত লাগিল জনপ্ৰিয়তাৰ মোহৰঃ 1

“লক-ডাউন” ত নিৰ্মিত চুটি-ছবি “গ্ৰহণ” ত লাগিল জনপ্ৰিয়তাৰ মোহৰঃ

“লক-ডাউন” ৰ সময়ছোৱাত একোটা সুন্দৰকৈ নিৰ্মিত বিষয়বস্তুৰ চুটি-ছবিয়ে টুকুৰিয়াইছিল দৰ্শকৰ হৃদয়ৰ কোঠাত। “লক-ডাউন” ৰ সমষ্ট নীতি নিয়ম পালন কৰি তাৰ মাজেৰেই নিৰ্মাণ কৰি উলিওৱা এই চুটি ছবি কেইখনৰ মাজত এখন চুটি ছবিয়ে কেৱল মাত্ৰ ঘৰুৱা দৰ্শককে নহয়; আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো।

"লক-ডাউন" ত নিৰ্মিত চুটি-ছবি "গ্ৰহণ" ত লাগিল জনপ্ৰিয়তাৰ মোহৰঃ 2

মানব জ্যোতি বৰুৱাৰ কাহিনী,সংলাপ, সম্পাদন আৰু পৰিচালনাৰে নিৰ্মিত চুটি ছবি “গ্ৰহণে” লাভ কৰিছে Flickfare film festivel, Los Angeles ত মনোনয়ন। নাৰীকেন্দ্ৰিক এই চুটি ছবিখনৰ এটি সৰল ও হৃদয়স্পৰ্শী কাহিনীক কম সময়ৰ ভিতৰতেই উপস্থাপন কৰি মুক্তি কৰি দিয়া হৈছিল। ছবিখনত থকা প্ৰত্যেকজন শিল্পী নিজ নিজ বাসগৃহত থাকিয়েই ছবিখনৰ শ্বুটিং সম্পন্ন কৰিছিল। Bioscope Production ৰ বেনাৰত চুটি ছবিখন প্ৰযোজনা কৰিছে পংখী পেগুৱে।

"লক-ডাউন" ত নিৰ্মিত চুটি-ছবি "গ্ৰহণ" ত লাগিল জনপ্ৰিয়তাৰ মোহৰঃ 3


“লক-ডাউন” থকা হ’লে এগৰাকী নাৰীৰ জীৱনত হ’ব পৰা পৰিৱৰ্তন খিনিক তিনি মিনিট দৈৰ্ঘ্যত উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে। কমল লোচন, মধুস্মিতা গগৈ আৰু স্বাগতা ভৰদ্বাজৰ অভিনয়ৰে নিৰ্মিত “গ্ৰহণ” ৰ অপাৰেট কেমেৰা মেনৰ দায়িত্বত আছিল অৰিন্দম ডেকা, দেৱজিতা গগৈ আৰু ঋতুপৰ্ণ দত্তই । সৌৰভ মহন্তৰ শব্দ ও সংগীতেৰে ছবিখনত গ্ৰাফিক্স দিছে দীপজ্যোতি সন্দিকৈয়ে।কালাৰ কাৰেক্সন ঝুলন কৃষ্ণ মহন্তৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform