Rupaliparda.com
"আখুনী" ৰ গীতত নৃত্য অংগৰাগ পাপন মহন্তৰঃ 1

“আখুনী” ৰ গীতত নৃত্য অংগৰাগ পাপন মহন্তৰঃ

পৰিচালক, চিত্ৰগ্ৰহণকাৰীয়ে নহয় নেটফ্লিক্সত মুক্তিপ্ৰাপ্ত ছবি “আখুনী(AXONE) ৰ এটি গীতত কন্ঠদান কৰিছে কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই। ছবিখনে মুক্তিৰ পূৰ্বে সুখময় ঢৌৰ সৃষ্টি কৰিছে; ছবিখনত থকা কাহিনীৰ বিশ্লেষণে ইতিমধ্যে দৰ্শককো ছবিখনৰ প্ৰতি আকৰ্ষণ কৰিছে। নতুনকৈ মুক্তিপ্ৰাপ্ত ছবিখনৰ এই গীতটিত কন্ঠদান কৰাৰ উপৰিও ইয়াৰ পৰিচালনাও কৰিছে পাপনে। আনহাতে, গীতটিত কথা হৈছে ভৈৰৱ মোদীৰ। ইয়াৰ উপৰিও, ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে ছবিখনৰ দৃশ্যগ্ৰহণকাৰী পৰাশৰ বৰুৱাই জনাইছিল যে ছবিখনত বন্ধুত্ব নাইবা নিত্য নৈমিত্তিক ঘটা কাহিনীৰ ওপৰত নিৰ্মিত হোৱাৰ উপৰিও ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঘটনা পৰিঘটনাৰ ওপৰতো আধাৰত কৰা হৈছে। ইয়াত কেৱল “আখুনী” ৰে বনোৱা খাদ্যটোৱেই সন্নিৱিষ্ট নাই; ইয়াত আছে উত্তৰ-পূৰ্বাঞ্চলৰ লোক সকল দিল্লীলৈ নাইবা আন ঠাইলৈ গৈ তেওঁলোকৰ তাত হোৱা অভিজ্ঞতা; সৰু-বৰ সমস্যা লগতে সামাজিক ও সাংস্কৃতিক ক্ষেত্ৰত হোৱা মতভেদক লৈ “আখুনী” ৰ কাহিনীভাগ আগবাঢ়িছে।

https://www.instagram.com/p/CBSY4VujEvj/?utm_source=ig_web_copy_link’


“আখুনী” ছবিখন পোন-প্ৰথমবাৰৰ বাবে প্ৰিমিয়াৰ কৰা হৈছিল BFI London Film Festival ত আৰু আনহাতে বিগত বৰ্ষত Mumbai Film Festival ত প্ৰদৰ্শিত এই ছবিখনক দৰ্শকে থিয় হৈ হাত চাপৰি বজাই প্ৰশংসা কৰা বুলি শুনিবলৈ পোৱা গৈছিল। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী চায়ানী গুপ্তা, লিন লাইশ্ৰাম, ডলী আহ্লুৱালিয়া তিৱাৰী, বিনয় পাঠক, তেনজিন ডাল্হা, লানুৱাকাম এ.অ, ৰোহন যশী আৰু আন কেইবাগৰাকীও ন-পূৰণি অভিনেতা অভিনেত্ৰীয়ে।ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত কৰিছে Yoodlee Films য়ে।

"আখুনী" ৰ গীতত নৃত্য অংগৰাগ পাপন মহন্তৰঃ 2


Nicolas Kharkongor ৰ দ্বাৰা পৰিচালিত এই ছবিখনত আছে পৰিচালক গৰাকীৰ নিজা কিছু অভিজ্ঞতাৰ নিদৰ্শন। দিল্লীত হুমায়ূনপুৰ নামে এখন ঠাই আছে; য’ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় বোৰ লোক তাত বসবাস কৰে আৰু তাতেই আছিল উক্ত ছবিখনৰ পৰিচালক গৰাকীও। তাত থকা সময়ছোৱাতে পৰিচালক গৰাকীয়ে লিখি উলিয়াইছিল “আখুনী” ৰ কাহিনীভাগ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform