বৰ্তমান জনপ্ৰিয় হৈ পৰা ধাৰাবাহিক “দুটি মনৰ জোনাক” য়ে বহুল সংখ্যাত দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ প্ৰতিটো চৰিত্ৰই আচলতে ৰাইজক আকৰ্ষণ কৰাৰ উপৰিও ধাৰাবাহিকখনৰ হৃদয়স্পৰ্শী কাহিনীয়ে আপ্লুত কৰিছে ৰাইজক। এই ধাৰাবাহিকখনৰে এটি চৰিত্ৰ ৰূপায়ন কৰিছে অভিনেতা প্ৰদ্যুৎ বিকাশ দাসে। “বন্ধু” ৰ চৰিত্ৰত অভিনীত এই গৰাকী অভিনেতাই সৰুৰে পৰাই জড়িত অভিনয়ৰ সৈতে। সপ্তম শ্ৰেণীত থাকোতেই অভিনয়ৰ প্ৰতি আকৰ্ষিত হোৱা এই অভিনেতা গৰাকীয়ে একোটা বছৰত কেইবাখনো ভ্ৰাম্যমাণৰ নাটক উপভোগ কৰি অভিনয় ক্ষেত্ৰৰ প্ৰতি অধিক ইচ্ছা প্ৰকাশ কৰে। ২১ খনকৈ নাটক উপভোগ কৰাৰ সমান্তৰালকৈ তাত থকা চৰিত্ৰ সমূহক লৈ মনতে এক অপ্ৰকাশিত আকৰ্ষণ অনুভৱ কৰা এই গৰাকী অভিনেতাই আগন্তুক জীৱনত যে “অভিনয়” কে নিজৰ জীৱনৰ এটা লক্ষ্য ৰূপে স্থাৱৰ কৰিব সেয়া নিশ্চিত কৰি তোলে। আচলতে, ইচ্ছা অথবা আগ্ৰহে একোজন ব্যক্তিক সদায় নিজৰ লক্ষ্যটোৰ প্ৰতি তেওঁক টানি থাকে ফলত তেওঁ য’লৈকেই নাযাওঁক কিয় সেই ইচ্ছাটো তেওঁ কোনো দিনেই, কোনো পৰিস্থিতিতেই নিঃশেষ কৰিব দিব নোৱাৰে। ২০১২ চনত ছয়গাঁৱত অনুষ্ঠিত এটি অভিনয়ৰ কৰ্মশালাত যোগদান কৰি তেওঁ বিভিন্ন “NSDian” ৰ সংস্পৰ্শলৈ আহে।
ৰূপালীপৰ্দাৰ সৈতে প্ৰদ্যুতে নিজ অভিনয় যাত্ৰা বিষয়ে ব্যক্ত কৰি কয় যে, “যেতিয়া Assam Engineering College ত নামভৰ্তি কৰিছিলো; তেতিয়াও কিন্তু মোৰ মনত এই ইলেক্ট্ৰনিক বস্তুবোৰৰ বাদে ঘূৰি আছিল অভিনয় ক্ষেত্ৰখনহে। সেইবাবেই হয়টো ইঞ্জিনিয়াৰিঙত অনুষ্ঠিত হোৱা পৰীক্ষা সমূহৰ ৰিজাল্ট মোৰ খুব বেছি ভাল হোৱা নাছিল। ফলত মই ইঞ্জিনিয়াৰিং এৰি দিছিলো ।গুৱাহাটীৰ মালিগাঁওৰ বৰিপাৰা অঞ্চলটোত এটা “গন্ধৰ্ব” শীৰ্ষক নাট্য দল আছে; মোক নাট্যদল টোলৈ ধ্ৰুৱজ্যোতি কুমাৰ নামে এগৰাকী দাদাই মাতিছিলে। মই তাতেই গৈ সংযুক্ত হৈ পৰিলো আৰু তাৰ পৰাই মই মোৰ জীৱনৰ বিভিন্নখন উল্লেখনীয় নাটকত অভিনয় কৰিছিলো। নেশ্বনেল স্কুল অৱ ড্ৰামাৰ পৰা পাছ কৰি অহা মোৰ গুৰু বিনোদ শৰ্মাই অভিনয়ৰ এটা যে পোক থাকে সেই পোকটো তেওঁ মোক মনৰ ভিতৰত সুমুৱাই দিয়ে। মোৰ প্ৰথমখন নাটক আছিল ২০১৩ ত ৰবীন্দ্ৰ ভৱনত কৰা এখন হিন্দী নাটক; উজ্জ্বলা বৰ্মনৰ পৰিচালনাৰে “লাইচেঞ্চ” নামৰ নাটকখন। ইয়াৰ পিছতেই মই জড়িত হৈছিলো উক্ত “গন্ধৰ্ব” নাট্যদলটোৰ সৈতে আৰু তাৰ পিছত কৰা এখন উল্লেখনীয় নাট আছিল অচ্যুত লহকৰৰ জীৱনভিত্তিক “মহানায়ক”; তাত মই ৰূপায়ন কৰিছিলো বিষ্ণু প্ৰসাদ ৰাভাৰ চৰিত্ৰটো। আৰু, সেয়াই আৰম্ভণি আছিল মোৰ অভিনয়ৰ; এতিয়াও কৰি গৈ আছো। তিঁতা-মিঠা সকলো অভিজ্ঞতা মই লৈছো ইয়াতেই। কিন্তু, আজি য’ত আছো; যি হৈছো এই আটাইবোৰ “গন্ধৰ্ব” ৰ বাবে।”
“দুটি মনৰ জোনাক” ৰ ধাৰাবাহিক খনত প্ৰদ্যুতে এটি স্ফূৰ্তিবাজ চৰিত্ৰ ৰূপায়ন কৰিছে। উক্ত চৰিত্ৰটোক লৈ তেওঁক প্ৰশ্ন কৰাত তেওঁ কয়, “চৰিত্ৰটোৰ বাবে মোৰ কথা কৈছিলে কমল লোচনেহে; আৰু চৰিত্ৰটো এনে ধৰণে সুন্দৰকৈ সঁজাইছিলে ধাৰাবাহিক খনৰ পৰিচালক কল্পজ্যোতিয়ে। চৰিত্ৰটো কৰিহে গৈ আছো কিন্তু নাজানো এই চৰিত্ৰটোত পিছলৈ কি হ’ব কাৰণ চৰিত্ৰটোত বিভিন্নতা আছে; কৰি ভাল লাগিছে। আমাৰ যে নৱ ৰস আছে তাৰ ভিতৰৰ চাৰিটামান ৰস মই ইতিমধ্যে চৰিত্ৰটোত ৰূপায়ন কৰিলোৱে। আৰু, যিসকলৰ লগত কৰি আছো; এই আটাইবোৰ সমবয়সৰ যেনে কমল লোচন, ৰূপচন্দা, উপাসনা আদি। আশা কৰো, দৰ্শকেও আমাক আশীবাৰ্দ কৰি সঁহাৰি জনাই আমাক উৎসাদ যোগাব। ইয়াৰ উপৰিও তেওঁ প্ৰকৃততে এনে স্ফূৰ্তিবাজ হয় নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “স্ফূৰ্তিবাজ নহ’লেও বা চৰিত্ৰটোৰ দৰে একেটা প্ৰকৃতি নাথাকিলেও কিন্তু লোকসকলে কিছু কিছু সময়ত স্ফূৰ্তিবাজ হৈ হাঁহি থকাটো উচিত। সকলোৰে জীৱনত ইমানেই ঘাত-প্ৰতিঘাত থাকে যে মানুহে স্ফূৰ্তিটো নিজৰ মাজতেই উৎপন্ন কৰি ল’ব লাগে। জীৱনটো এনেওটো দুদিনৰ; আজি আছো কাইলৈ ক’ত কি হ’ব কোনেও নাজানে। গতিকে সমষ্ট অহংকাৰ এৰি স্ফূৰ্তি-তামছা কৰি আগবঢ়াটো ভাল।”
Add comment