Rupaliparda.com
"পাতাল লৌক" ৰ পিছত এইবাৰ অনুষ্কা শৰ্মাই আনিব "বুলবুল"- 1

“পাতাল লৌক” ৰ পিছত এইবাৰ অনুষ্কা শৰ্মাই আনিব “বুলবুল”-

ক্ৰাইম থ্ৰীলাৰ ৱেব চিৰিজ “পাতাল লৌক” ৰ পিছত বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মাই আকৌ এবাৰ আনখন “অলৌকিক থ্ৰীলাৰ” ধৰ্মী ছবিৰ প্ৰযোজনা কৰিবলৈ আগবাঢ়িছে। ৱেব চিৰিজ “পাতাল লৌক” ক ইতিমধ্যে জনসাধাৰণে বহুল সঁহাৰি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল। এই সফলতাৰ পিছত আকৌ এবাৰ আনখন ছবিৰ সৈতে আহিবলৈ সাজু হৈছে অনুষ্কা শৰ্মা। নেটফ্লিক্সত মুক্তি পাবলগীয়া এই ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে; ইয়াৰ ফাৰ্ষ্ট লুক পোষ্টাৰতেই আচলতে ৰহস্যৰ সোঁৱাদ পাবলৈ সক্ষম হৈছে দৰ্শকে। অনুষ্কা শৰ্মা আৰু তেওঁৰ ভাতৃ কাৰনেশ শৰ্মাই “ক্লীন শ্লেট ফিল্মস্” ৰ বেনাৰত এই ছবিখন প্ৰযোজনা কৰিব। ২৪ জুন তাৰিখে এই ছবিখন মুকলি কৰি দিয়া হ’ব।

"পাতাল লৌক" ৰ পিছত এইবাৰ অনুষ্কা শৰ্মাই আনিব "বুলবুল"- 2


“বুলবুল” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ শ্বেয়াৰ কৰি অনুষ্কাই এটি পোষ্ট যোগে কয় যে, “এয়া হয় “বুলবুল” ৰ ফাৰ্ষ্ট লুক। এটা সুন্দৰ কাহিনী যিয়ে নিজৰ চিনাকী-অচিনাকী, ৰহস্য, পৰিকল্পনা, ক’লা যাদুৰ ওপৰত ই আধাৰিত। অতি সোনকালেই আহিব নেটফ্লিক্সত, ইয়াৰ বিষয়ে ক’বলৈ আৰু ৰ’ব নোৱাৰো।” ছবিখনৰ নিৰ্দেশনৰ দায়িত্বত আছিল অনবিতা দত্ত; ইয়াৰ উপৰিও ইয়াত অভিনয় কৰিছে তৃমি ডিম্ৰী, অবিনাশ তিৱাৰী, ৰাহুল বোস,পলী দম আৰু পৰমব্ৰতা চট্টোপধ্যায়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.