Rupaliparda.com
অজয় দেৱগণ ও ইমৰাণ হাছমীৰ সৈতে থাকিব আলিয়া ভাটঃ 1

অজয় দেৱগণ ও ইমৰাণ হাছমীৰ সৈতে থাকিব আলিয়া ভাটঃ

চলিত বৰ্ষৰ বহু প্ৰত্যাশিত ছবি সমূহৰ ভিতৰত এখন হৈছে আলিয়া ভাট অভিনীত “গংগুবাই কাঠিয়াবাড়ী”। জানিব পৰা মতে, জুলাই মাহৰ শেষৰ পৰা আৰম্ভ হ’বলগীয়া এই ছবিখনৰ ইতিমধ্যে মুকলি কৰা হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ। ছবিখনৰ সৈতে আলিয়া ভাট জড়িত হৈ থকা খবৰ সকলোৱে জানিব পাৰিছে কিন্তু এইবাৰ এই ছবিখনত আন দুই মূখ্য চৰিত্ৰত অভিনীত অভিনেতাৰ বিষয়ে আপোনালোকক জনাম। এই দুগৰাকী অভিনেতা হৈছে “ৱান্স আপন এ টাইম ইন মুম্বাইত” একেলগে অভিনীত অজয় দেৱগণ আৰু ইমৰাণ হাসমী। ছবিখনৰ বাবে ইমৰাণ হাসমীয়ে নিজৰ ভাগৰ শ্বুটিং ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু জুলাই মাহত ছবিখনৰ আনটো খণ্ডৰ শ্বুটিং আৰম্ভ হোৱাত অজয় দেৱগণে কৰিব ছবিখনৰ শ্বুটিং।

অজয় দেৱগণ ও ইমৰাণ হাছমীৰ সৈতে থাকিব আলিয়া ভাটঃ 2
অজয় দেৱগণ ও ইমৰাণ হাছমীৰ সৈতে থাকিব আলিয়া ভাটঃ 3


ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ এক সংবাদ মাধ্যম অনুসৰি, “বৰ্ষটোৰ প্ৰথম ভাগতেই আলিয়া ভাটৰ সৈতে ইমৰাণ হাছমীয়ে মনে মনে ছবিখনৰ শ্বুটিং কৰিছে। আনহাতে, গেংগষ্টাৰ কৰীম কালাৰ চৰিত্ৰত অভিনয় কৰিব অজয় দেৱগণে। উল্লেখ্য যে, এই ছবিখনক ডিজিটেল প্লেটফৰ্মক মুকলি কৰি দিয়া নহয় বুলি ইতিমধ্যে জানিব পৰা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform