Rupaliparda.com
বাবু, ভৃগু, ৰিংকু আৰু নেকিবৰ জনপ্ৰিয় গীতৰ "Mashup"- 1

বাবু, ভৃগু, ৰিংকু আৰু নেকিবৰ জনপ্ৰিয় গীতৰ “Mashup”-

সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত কেইবাগৰাকীও জনপ্ৰিয় কন্ঠশিল্পীক বৰ্তমান দেখিবলৈ পোৱা যাব একেলগে একেটা গীতত। চাৰিওগৰাকীৰ কেইটামান মনপৰশা গীতক একত্ৰিত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে “Hits Of Four”। বাবু বৰুৱা, ভৃগু কাশ্যপ, নেকিব আৰু ৰিংকু প্ৰিয়মৰ চাৰিটা গীত ক্ৰমে “পেডেল মাৰি মাৰি”, “টেক্সি গাড়ী, “অটোৱালা মই”, “আমেৰিকা জাপানত”, “বাৰিষাৰে বানত” আৰু “ABCD” ক লগ কৰি প্ৰস্তুত কৰা এই নতুন গীতটিৰ বাবে অপেক্ষাৰত তেওঁলোকৰ অনুৰাগীও।

বাবু, ভৃগু, ৰিংকু আৰু নেকিবৰ জনপ্ৰিয় গীতৰ "Mashup"- 2
https://www.instagram.com/tv/CBPq4cUpSK8/?utm_source=ig_web_copy_link

অহা কাইলৈ অৰ্থাৎ ১৪ তাৰিখে মুক্তি কৰি দিয়া হ’ব এই গীতটিক। সংগীত ক্ষেত্ৰখনত সুকীয়া চিনাকী থকা এই কেইগৰাকী কন্ঠশিল্পীৰ উক্ত গীতকেইটিয়ে মুক্তিৰ পিছতেই দৰ্শকৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হৈছিল। গীতকেইটিক আকৌ এবাৰ এওঁলোকে “MashUp” ৰ দৰে সৃষ্টি কৰি অনুৰাগীৰ মাজত উলিয়াই দিবলৈ সাজু হৈ পৰিছে।

বাবু, ভৃগু, ৰিংকু আৰু নেকিবৰ জনপ্ৰিয় গীতৰ "Mashup"- 3


“লক-ডাউন” সময়ছোৱাত এই চাৰিগৰাকী কন্ঠশিল্পীয়ে বিভিন্ন ধৰণে মনোৰঞ্জন কৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল ভৃগু কাশ্যপৰ গীতত আন কন্ঠশিল্পীয়ে কন্ঠদান কৰা “ৰোমান্টিক মাছআপ” আৰু আনহাতে বাবুৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “পৃথিৱীয়ে হাঁহি দিলে” । উক্ত দুয়োটা গীতে আচলতে আঁজুৰিছিলি দৰ্শকৰ মনযোগ। অহা ১৪ তাৰিখে আহিবলগীয়া “Mashup” টোৰ ভিতৰত অন্তৰ্ভূক্ত গীতকেইটিৰ পৰিচালনা আছিল ক্ৰমে শেখৰ গোস্বামী, দ্বীপকেশ বৰগোঁহাই, পলাশ গগৈ, অৰূপ দত্ত আৰু পিংকল প্ৰত্যুেষে। গীত কেইটিৰ ব্যৱস্থাপনাৰ দায়িত্বত আছিল বাবু, ৰেকিনুল, চন্দন কাকতি, ভগৱান আৰু ভৃগু।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.