শেহতীয়াকৈ “নেটফ্লিক্স” ত মুক্তিপ্ৰাপ্ত ছবি “আখুনী” য়ে বৃহৎ হাৰত দৰ্শকৰ ধ্যান আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ছবিখন নিৰ্মাণৰ সময়ছোৱাৰ পৰাই ই চৰ্চিত হৈ পৰিছিল দৰ্শক ও সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মাজত। উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচালক ও বিভিন্ন জন কলা-কুশলী লগ হৈ এই ছবিখন নিৰ্মাণ কৰি উলিয়াইছিল। ছবিখনত অভিনীত অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰ পুংখানুপুংখতাই এই ছবিখনক আৰু অধিক হৃদয়স্পৰ্শী কৰি তুলিছে। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী চায়ানী গুপ্তা, আদিল হুচেইন, লিন লাইশ্ৰাম, ডলী আহ্লুৱালিয়া তিৱাৰী, বিনয় পাঠক, তেনজিন ডাল্হা, লানুৱাকাম এ.অ, ৰোহন যশী আৰু আন কেইবাগৰাকীও ন-পূৰণি অভিনেতা অভিনেত্ৰীয়ে। হূলস্থূল অথবা ৰোমাঞ্চিত কৰাৰ পৰিৱৰ্তে ছবিখনত দৰ্শকে এটি সহজ ও সাধাৰণ কাহিনীক উপভোগ কৰিবলৈ সক্ষম হ’ব দৰ্শকে। Nicholas Kharkongor ৰ দ্বাৰা পৰিচালিত “আখুনী”(Axone) ত তেওঁ ৰচনা কৰা কাহিনীভাগক সুন্দৰ ৰূপত জনসাধাৰণৰ ওচৰত উপস্থাপন কৰাত পৰিচালক গৰাকী সফল বুলি ক’ব পৰা যায়।


উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ভৱিষ্যত কিছু পৰিকল্পনা বুকুত বান্ধি দিল্লীলৈ ধাৱমান হোৱা একাংশ ল’ৰা-ছোৱালীয়ে প্ৰায় প্ৰতিটো খোজত সন্মুখীন হ’বলগীয়া কিছু ঘটনা-পৰিঘটনাক একত্ৰিত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে উক্ত ছবিখন। দেহৰ অংগৰ পৰা আৰম্ভ কৰি খোৱা খাদ্য খিনিলৈ প্ৰতিটো মূহুৰ্তত একাংশই সহ্য কৰিবলগীয়া প্ৰত্যাহ্বান সমূহক সাধাৰণ ৰূপত উপস্থাপন কৰিছে ছবিখনৰ সৈতে জড়িত সমষ্ট কলা-কুশলীয়ে। ছবিখনৰ এটি চৰিত্ৰত অভিনীত চায়ানী গুপ্তাৰ অভিনয় লেখত ল’বলগীয়া; ভাৱ ব্যক্ত কৰিবলৈ তেওঁ যেনে ধৰণে কথা পতা দৰ্শকে দেখিছে তাৰ পৰা এটা কথা নিশ্চিত হৈ পৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে জড়িত বিভিন্ন প্ৰণালীক অভিনেত্ৰী গৰাকীয়ে মন দিছিল।


ছবিখনৰ আন এটা মন কৰিবলগীয়া কথা হৈছে ইয়াৰ দৃশ্যগ্ৰহণ। এটা কাহিনীক সুচাৰুৰূপে ব্যক্ত কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আৱেগক সংলাপ নহ’লেও ভংগিমাৰে ধৰি ৰখাত মূখ্য দৃশ্যগ্ৰহণকাৰী পৰাশৰ বৰুৱা আৰু সহঃ দৃশ্যগ্ৰহণকাৰী ধীৰাজ চেতিয়াৰ কাম উল্লেখনীয়। ইয়াৰ উপৰিও, ছবিখনত দুই-তিনিটা দৃশ্যৰ বাবে অভিনেতা আদিল হুচেইনকো দেখিবলৈ পোৱা যায়; তেওঁৰ চৰিত্ৰটোত কোনো ধৰণৰ সংলাপ নাই যদিও তেওঁৰ ভংগিমাই ছবিখনৰ কাহিনীভাগত কিছু সময়ৰ হাঁহিৰ অৱসাদ প্ৰদান কৰিছে। “আখুনী” ৰ নেপথ্যত বাজি থকা গীত লগতে গাহৰি মাংসৰ সোঁৱাদ যেন দৰ্শকৰ মন গহ্বৰত সোমাই পৰিছে তেনে ভাৱ হয়। এবিধ খাদ্যক লৈ থকা আৱেগ আৰু বন্ধুত্বৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰা হৈছে “আখুনী” ত। ছবিখনৰ ঘটনা- পৰিঘটনা আৰু মূল কাহিনীবিধক পৰিচালকে এনেদৰে খাপ খুৱাই ৰাখিছে যেন তাৰ পৰা যদি এবিধক এৰুৱাই দিয়া হয় তেনেহ’লে আনবিধ সৰি পৰিব।
Add comment