Rupaliparda.com
সুশান্ত সিং ৰাজপুতে ওলাই যাবলৈ কৈছিল ৰিয়া চক্ৰৱৰ্তীকঃ 1

সুশান্ত সিং ৰাজপুতে ওলাই যাবলৈ কৈছিল ৰিয়া চক্ৰৱৰ্তীকঃ

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাক লৈ এতিয়া প্ৰত্যেকদিনাই এজনকৈ তেওঁৰ সৈতে জড়িত ব্যক্তিক সোধ-পোছৰ বাবে মতাই আনে হৈছে বান্দ্ৰা আৰক্ষী চকীলৈ। বৃহস্পতিবাৰে তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক মতাই অনা হৈছিল পুলিচ ষ্টেচনলৈ; তেওঁৰ সৈতে প্ৰায় ১১ ঘন্টা ধৰি সোধ-পোছ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰক্ষীয়ে। ৰিয়াই তেওঁলোকৰ সম্বন্ধৰ প্ৰতিটো কথাই খুলি কয় বুলি জানিব পৰা যায়। ৰিয়া আৰু সুশান্ত লগ পাইছিলে ২০১৩ চনত। সেইটো সময়ত সুশান্ত ব্যস্ত আছিল “শুদ্ধ দেসী ৰোমাঞ্চ” ৰ সৈতে আৰু আনহাতে ৰিয়াই শ্বুটিং কৰি আছিল ছবি “অপনে ডেড কি মাৰুতি” ৰ বাবে। দুয়োখন ছবিৰ শ্বুটিং ছেট আশে-পাশে আছিল বাবেই ইজনে আনজনক লগ পাইছিল। তাৰ পিছত দুয়ো তাৰকাই কিছুমান পাৰ্টীত লগ পাই আৰু তেওঁলোকৰ মাজত বন্ধুত্বৰ আৰম্ভণি হয়।

সুশান্ত সিং ৰাজপুতে ওলাই যাবলৈ কৈছিল ৰিয়া চক্ৰৱৰ্তীকঃ 2


ৰিয়াই কয় যে সুশান্ত তেতিয়া অইন ৰিলেশ্বনছিপত আছিল যদিও ৰিয়াৰ সৈতে তেওঁৰ কথা-বতৰা চলি আছিল আৰু ২০১৭-১৮ ত তেওঁলোক ৰিলেশ্বনছিপত আহি গৈছিল। ৰিয়াই আৰক্ষীক কোৱা অনুসৰি, সুশান্ত ভিতৰি ভিতৰি হতাশাৰ মাজলৈ গুচি গৈছিল যদিও তেওঁ কাকো একো খুলি কোৱা নাছিল। যেতিয়াই সুশান্ত হতাশগ্ৰস্ত হয়; তেতিয়াই তেওঁ অকলশৰীয়া হৈ থাকিব বিচাৰে নহ’লে তেওঁ নিজৰ ফাৰ্ম হাউচলৈ গুচি গৈছিল বুলি ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে।

সুশান্ত সিং ৰাজপুতে ওলাই যাবলৈ কৈছিল ৰিয়া চক্ৰৱৰ্তীকঃ 3

যেতিয়া সুশান্তৰ বেছি ডিপ্ৰেছন হৈছিল তেতিয়া তেওঁ ডাক্টৰৰ ওচৰলৈ গৈ নিজৰ ঔষধৰ প্ৰক্ৰিয়া আৰম্ভ কৰে; কিন্তু পিছলৈ তেওঁ এই ঔষধবোৰ লোৱা বন্ধ কৰি পেলাইছিলে। অভিনেত্ৰী গৰাকীয়ে কয় যে ৬ জুন তাৰিখ তেওঁক অভিনেতা গৰাকীয়ে ওলাই যাবলৈ কয় কিছু দিনৰ বাবে আৰু অকলশৰে থাকিব বিচাৰে। ১৪ জুন তাৰিখে সুশান্তৰ মৃত্যুয়ে ৰিয়াকো স্তব্ধ কৰি পেলায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.