Rupaliparda.com

বিষ্ণুপ্ৰসাদ ৰাভালৈ তেওঁৰ গীতেৰেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন একাংশ উদীয়মান শিল্পীৰঃ

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা অসমৰ সমাজ জীৱনৰ এক অনন্য প্ৰতিভা। অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অন্যতম। অসমৰ কৃষ্টি-সংস্কৃতিক প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰা ব্যক্তি গৰাকীয়ে আছিল বিষ্ণুপ্ৰসাদ ৰাভা। ৰাজনীতিবিদ, বিপ্লৱী সত্তাৰে ভৰপূৰ বিষ্ণু প্ৰসাদ ৰাভা আছিল মনোৰঞ্জনৰ দিশৰ পৰাও অনন্য। তেওঁৰ ৰচিত সংগীতৰ দ্বাৰাই জাতিৰ সত্তা ঘূৰাই অনাৰ চেষ্টা কৰিছিল। উল্লেখ্য যে, বিষ্ণুপ্ৰসাদ ৰাভাই নিজে বাণীবদ্ধ কৰা মুঠ ৩০ টা গীতৰ সম্ভেদ পোৱা গৈছে। তাৰে ২০ টা গীত পোনপ্ৰথমে গীতিকাৰৰ কণ্ঠৰ ৰেকৰ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। বিষ্ণু প্ৰসাদ ৰাভাৰ গীত, বাদ্য, নৃত্যৰ বাবে শিক্ষক হিচাপে নিয়োগ কৰা হৈছিল ক্ৰমে বংগৰ বিখ্যাত সংগীতজ্ঞ ওস্তাদ মোতী মিঞা, কালচাঁদ আৰু গহৰজানবিবিক। গতিকে শেষলৈ বিষ্ণুপ্ৰসাদ এজন “এণ্টাৰটেইনাৰ” ৰূপেও গঢ় লৈ উঠিছিল।

বিষ্ণুপ্ৰসাদ ৰাভালৈ তেওঁৰ গীতেৰেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন একাংশ উদীয়মান শিল্পীৰঃ 1


তেওঁ একাধাৰে গীতিকাৰ, সুৰকাৰ,নাট্যকাৰ, অভিনেতা আছিল বাবেই তেওঁক “কলাগুৰু” আখ্যা দিয়া হয়। তেওঁ নিজ সৃষ্টিৰাজিৰ জৰিয়তে মানৱীয় প্ৰমূল্যৱোধৰ ছবি ডাঙি ধৰিবলৈ বিচাৰিছিল। উল্লেখ্য যে, ১৯৩৩ চনৰ জ্যোতিপ্ৰসাদৰ “জয়মতী”ৰ কামত সহায় কৰাৰ উপৰিও বাণ ৰংগমঞ্চত “কাৰেঙৰ লিগিৰী” নাটক খন মঞ্চস্থ কৰে বিষ্ণু প্ৰসাদ ৰাভাই। সংগীত পৰিচালনাৰ লগতে সুদৰ্শনৰ চৰিত্ৰত অভিনয় কৰে ৰাভাই। ইয়াৰ উপৰিও ১৯৩৬ চনত শোণিতকুঁৱৰী আৰু জয়মতী আদি ৰেকৰ্ডিংৰ সমস্ত দায়িত্ব বহন কৰাৰ লগতে অসমীয়া সত্ৰীয়া নৃত্য-গীত পুনৰুদ্ধাৰ কৰি ভাৰতবৰ্ষত প্ৰচাৰৰ চেষ্টা কৰে বিষ্ণুপ্ৰসাদে ৰাভাই।জাতিক নিকা কৰাৰ স্বাৰ্থত উঠি পৰি লাগিছিল বিষ্ণু প্ৰসাদ ৰাভা। তেওঁ সকলো দিশৰ পৰাই অসমীয়া জাতিটোক চহকী কৰি ৰাখিবলৈ চেষ্টা কৰিছিল।


এই গৰাকী শিল্পীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এতিয়া নৱপ্ৰজন্মৰ একাংশ শিল্পীয়ে হাতত লোৱা সুন্দৰ পদক্ষেপ কিছুমানে মন টানিছে দৰ্শক ও শ্ৰোতাৰ। মুম্বাই প্ৰতিস্থিত সংগীত পৰিচালক ও কন্ঠশিল্পী জাগৰণ শইকীয়া, সমীৰণ মলয়কে আৰম্ভ কৰি অৰূপজ্যোতি বৰুৱা, অংকুৰ শইকীয়া, গিৰিশ শইকীয়া আৰু দূৰ্লভ শংকৰ বৰদলৈয়ে “নাও” শীৰ্ষক এটি গীতৰ জৰিয়তে শিল্পী গৰাকীলৈ যাঁচিছে একাঁজলি শ্ৰদ্ধাঞ্জলি। গীতটিৰ পৰিচালনাৰ দায়িত্বত থকা জাগৰণ শইকীয়াই কয় যে “সৰুৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত শুনি আমি ডাঙৰ হৈছো গতিকে “ৰাভা দিৱস” ত একোগৰাকী শিল্পী ৰূপে এয়া আমাৰ দায়িত্ব।” উক্ত “নাও” গীতটিত Cultivators গ্ৰুপৰ সৈতে জড়িত অৰূপজ্যোতি বৰুৱাই কন্ঠদান কৰিছে। গীতাৰৰ দায়িত্বত আছে অংকুৰ শইকীয়া আৰু সমীৰণ মলয় Percussion বজাইছে। “নাও” শব্দ সংমিশ্ৰণ মুম্বাইস্থিত Studio Strings ৰ গিৰিশ শইকীয়াৰ আৰু ভিজুৱেলৰ দায়িত্বত Greenvibes studios ৰ দূৰ্লভ শংকৰ বৰদলৈ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform