Rupaliparda.com
"মোগেম্ব খুচ হোৱা"- অমৃশ পুৰীৰ ৮৮ সংখ্যক জন্মবাৰ্ষিকীঃ 1

“মোগেম্ব খুচ হোৱা”- অমৃশ পুৰীৰ ৮৮ সংখ্যক জন্মবাৰ্ষিকীঃ

অমৃশ পুৰীৰ ৮৮তম জন্মদিন। অমৃশ পুৰী; নামেই যাৰ পৰিচয়। এসময়ত তেওঁৰ এটা মাতেই কঁপাই তুলিছিল সমগ্ৰ বলীউড জগত। কেৱলমাত্ৰ খলনায়কৰে নহয়; নায়কৰ চৰিত্ৰৰেও তেওঁ জনসাধাৰণৰ মন জয় কৰিবলৈ সফল হৈছিল। “মগেম্ব” চৰিত্ৰটোত কৰা অমৃশ পুৰীৰ সুন্দৰ অভিনয় এতিয়াও জনমানসত জলজল-পটপট হৈ আছে। “মগেম্ব’ খুচ হুৱা”, অথবা তেওঁৰ “যা চিমৰেন যা, জীলে আপনি জিন্দেগী” আদি “আইকনিক ডায়লগ” ত পৰিগণিত হ’ল। ২২ জুন,১৯৩২ চনত জন্মগ্ৰহণ এইগৰাকী মহান শিল্পীক তেওঁৰ ৮৭তম্ জন্মদিৱসৰ অলেখ শুভকামনা জনাইছো আমাৰ ৰূপালী পৰ্দাৰ সদস্যবৃন্দই। প্ৰথম স্ক্ৰিণীঙত ব্যৰ্থ হোৱা অভিনেতা গৰাকীয়ে এমপ্লইজ্ ষ্টেট ইনশ্ব’ৰেঞ্চ কৰ্পৰেচন মিনিষ্ট্ৰী অৱ্ লেৱাৰ এণ্ড এম্প্লইমেণ্টত চাকৰি কৰিবলৈ লয়। চাকৰিৰ সমান্তৰালকৈ তেওঁ ৰংগমঞ্চত যোগ দি “পৃথিৱী থিয়েটাৰ” ত নাটক কৰিবলৈ আৰম্ভ কৰে। নাটক কৰি থকা সময়ছোৱাতে অমৃশ পুৰীয়ে ১৯৭৯ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।

"মোগেম্ব খুচ হোৱা"- অমৃশ পুৰীৰ ৮৮ সংখ্যক জন্মবাৰ্ষিকীঃ 2


ৰংগমঞ্চৰ পৰা টি.ভি পৰ্দালৈ আৰু তাৰ পিছতে তেওঁ চলচিত্ৰ জগতত সোমাই পৰে। ৪০ বছৰ বয়সত বলীউডত কেৰিয়াৰ আৰম্ভ কৰা অভিনেতাগৰাকীৰ প্ৰথম চিনেমা আছিল “হ’ম পাঁচ” (১৯৮০); য’ত তেওঁ এজন “খলনায়ক” চৰিত্ৰত আছিল। উক্ত চিনেমাখন সেইটো সময়ত চুপাৰহিট হিচাপে বিবেচিত হৈছিল। ইয়াৰ পিছত ১৯৮২ চনত মুক্তিপ্ৰাপ্ত সুভাষ ঘাইৰ “বিধাতা” ছবিটো অমৃশ পুৰীয়ে খলনায়কৰ চৰিত্ৰত কাম কৰে। প্ৰায় ৪০০ খন ছবিত কাম কৰা অভিনেতাগৰাকীৰ হলীউডৰ চিনেমাক লৈও এটা টান আছিল। ৰিচৰ্ড এটনবৰো ৰ “গান্ধী”(১৯৮২) চিনেমাখনত তেওঁক দেখা পোৱা যায়।

"মোগেম্ব খুচ হোৱা"- অমৃশ পুৰীৰ ৮৮ সংখ্যক জন্মবাৰ্ষিকীঃ 3


কেঞ্চাৰৰ ফলত ২০০৫ চনৰ ১২ জানুৱাৰীত ইহলীলা সম্বৰণ কৰা অভিনেতাগৰাকীৰ নাম বলীউড জগতত বৰ্তমানেও সোণালী আখৰেৰে লিখা হয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform