Rupaliparda.com
সুশান্ত সিং ৰাজপুতলৈ অনুৰাগীয়ে যাঁচিব শেষ শ্ৰদ্ধাঞ্জলিঃ মূখ্যমন্ত্ৰীক কৰিলে আহ্বান- 1

সুশান্ত সিং ৰাজপুতলৈ অনুৰাগীয়ে যাঁচিব শেষ শ্ৰদ্ধাঞ্জলিঃ মূখ্যমন্ত্ৰীক কৰিলে আহ্বান-

অনুৰাগীয়ে এতিয়াও বুকুত বান্ধি ৰাখিছে সুশান্ত সিং ৰাজপুতক। ৮ টা দিনৰ পিছতো তেওঁৰ খবৰে মৰ্মাহত কৰি ৰাখিছে তেওঁৰ অনুৰাগীক। বহু কম ছবিত অভিনয় কৰিলেও তেওঁ অভিনয়ৰ দ্বাৰা বৃহৎ অংকত নিজৰ বাবে অনুৰাগী গোটাবলৈ সক্ষম হৈছিল। কৰ্মৰ দিশৰ পৰা তেওঁক বহু অইন বলীউড চিলেব্ৰেটীয়ে অসুবিধাৰ সৃষ্টি কৰাত অভিনেতা সুশান্তে আত্মহত্যা কৰা বুলি বহুতেই কৈছে কিন্তু বৰ্তমানেও এই কথাৰ সত্যাসত্যতা প্ৰমাণ হোৱা নাই। সুশান্ত সিং ৰাজপুত বিহাৰৰ পতনা নিবাসী আছিল বাবেই অভিনেতা গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে বৰ্তমান তেওঁলোক। উক্ত ঠাইত প্ৰতিবাদো কৰিবলৈ আৰম্ভ কৰিছিল অভিনেতাগৰাকীৰ অনুৰাগী সকলে। কিন্তু, বৰ্তমান বিহাৰৰ ৰাজধানী পতনাত একাংশ অনুৰাগীয়ে লগাইছে পোষ্টাৰ আৰু পোষ্টাৰ যোগে আহ্বান জনাইছে তেওঁলোকে মূখ্যমন্ত্ৰী নীতিশ কুমাৰক।

সুশান্ত সিং ৰাজপুতলৈ অনুৰাগীয়ে যাঁচিব শেষ শ্ৰদ্ধাঞ্জলিঃ মূখ্যমন্ত্ৰীক কৰিলে আহ্বান- 2
সুশান্ত সিং ৰাজপুতলৈ অনুৰাগীয়ে যাঁচিব শেষ শ্ৰদ্ধাঞ্জলিঃ মূখ্যমন্ত্ৰীক কৰিলে আহ্বান- 3


অভিনেতা গৰাকীৰ আহিবলগীয়া ছবি “দিল বেছাৰা” ক অনুৰাগী সকলে ছবিগৃহত মুকলি কৰাটো বিচাৰিছে আৰু যাৰ দ্বাৰা সুশান্ত সিঙলৈ তেওঁলোকে শুদ্ধ অৰ্থত যাঁচিবলৈ বিচাৰিছে শ্ৰদ্ধাঞ্জলি। উল্লেখ্য যে,অভিনেতা গৰাকীৰ আগন্তুক এই ছবিখনক লৈ পূৰ্বৰে পৰাই উৎসাহী হৈ আছিল তেওঁৰ অনুৰাগী; এই ছবিখনতো শেষলৈ তেওঁৰ চৰিত্ৰটোৰ মৃত্যু হয়। ছবিখনক এতিয়া ক’ত মুক্তি দিয়া হ’ব সেয়া লক্ষ্যণীয় হৈ পৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.