Rupaliparda.com
"আজি বিশ্ব বৰ্ষাৰণ্য দিৱস": বৰ্ষাৰণ্যক বচাবলৈ পোষ্ট কন্ঠশিল্পী পাপনৰ- 1

“আজি বিশ্ব বৰ্ষাৰণ্য দিৱস”: বৰ্ষাৰণ্যক বচাবলৈ পোষ্ট কন্ঠশিল্পী পাপনৰ-

আজি বিশ্ব বৰ্ষাৰণ্য দিৱস; এই বৰ্ষাৰণ্যক লৈ জনসাধাৰণৰ মাজত সচেতনতা আৰু সজাগতা বৃদ্ধি কৰিবলৈ প্ৰত্যেকটো বৰ্ষৰ ২২ জুনত পালন কৰা হয় বৰ্ষাৰণ্য দিৱস। বৰ্ষাৰণ্য সমূহে পৃথিৱীৰ অক্সিজেন ৰূপে কাম কৰে; এই বৰ্ষাৰণ্য সমূহ জীয়াই ৰখাক লৈ কিছুদিন পূৰ্বৰে পৰা বিভিন্ন জনে বিভিন্ন ধৰণে পোষ্ট কৰিবলৈ আৰম্ভ কৰিছিল আৰু আজি “বৰ্ষাৰণ্য দিৱস” ক উদ্দেশ্যি এক পোষ্ট কৰে কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই । তেওঁ কয় যে, “আজি #WorldRainForestDay, আজি বিশ্ব বৰ্ষাৰণ্য দিৱস আৰু ভাৰতৰ একমাত্ৰ পূৰ্ণাংগ বৰ্ষাৰণ্যখন আছে আমাৰ উজনি অসমত। আশা কৰো আমি সকলোৱে এই বৰ্ষাৰণ্যখনৰ গুৰুত্ব সঠিকভাৱে অনুভৱ কৰিম। এই অনন্য ৰাষ্ট্ৰীয় প্ৰাকৃতিক সম্পদ সুৰক্ষা তথা সংৰক্ষণৰ জৰিয়তে পৃথিৱীৰ সু-স্বাস্থ্যৰ প্ৰতিও দায়বদ্ধ হ’ম।”

https://www.instagram.com/p/CBuklt3DPzx/?utm_source=ig_web_copy_link


কিছুদিন পূৰ্বে “দিহিং পাটকাই অভয়াৰণ্য” ত চলিবলগীয়া কয়লা খনন কাৰ্যসূচীক বিৰোধিতা কৰি একাংশ সাধাৰণ ৰাইজৰ লগতে আগবাঢ়ি আহিছিল অভিনেতা-অভিনেত্ৰীও। উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তত্ত্বাৱধানত থকা নেচনেল বৰ্ড ফৰ ৱাইল্ড লাইফে অসমৰ দিহিং পাইটকাইকে ধৰি বনাঞ্চল ধ্বংস কৰি কয়লা খনৰৰ সিদ্ধান্ত লৈছিল উল্লেখ্য যে, ২০০৪ চনৰ ১৩ জানুৱাৰীত বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে স্বীকৃতিপ্ৰাপ্ত দিহিং পাটকাই অভয়াৰণ্য বিভিন্ন জীৱ-জন্তু তথা মূল্যৱান কাঠৰ বাবে বিখ্যাত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.