অসমৰ দুই হাৰ্টথ্ৰৱক এইবাৰ গীত পৰিৱেশনৰ পৰিৱৰ্তে অসমবাসীয়ে জুবিন গাৰ্গ ও পাপনক দেখিবলৈ পালে চিত্ৰশিল্পী ৰূপত। যোৱা বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ দিনা কলাগুৰু গৰাকীক স্মৰণ কৰি এটি ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানে আয়োজন কৰিছিল এনে ব্যতিক্ৰমী অনুষ্ঠানৰ। একেলগে গীত পৰিৱেশন কৰাৰ পৰিৱৰ্তে এইবাৰ এই যুঁটিটোৱে অংকন কৰিছে একোখন চিত্ৰ। তেওঁলোকৰ সৈতে এই কাৰ্যসূচীত যোগদান কৰে আন এজন শিল্পী শশাংক সমীৰে। তিনিওগৰাকীয়ে অংকন কৰা ছবি তিনিখনক সংবাদ মাধ্যমটোৰ অনুষ্ঠান চলি থকা মাজতেই কৰা হয় নিলাম। ১ লাখ ২৫ হাজাৰ, ১ লাখ ২০ হাজাৰ আৰু ২৫ হাজাৰ টকাত নিলাম কৰা উক্ত ছবি তিনিখনক। ছবি তিনিখন নিলাম কৰি পোৱা টকাখিনিৰে আৰ্থিক ভাৱে পিছপৰি ৰোৱা শিল্পী সমূহৰ মাজত বিতৰণ কৰাৰ কথা প্ৰকাশ কৰে সংবাদ মাধ্যমটোৱে। গীত পৰিৱেশনৰ উপৰিও জুবিন-পাপনক চিত্ৰশিল্পী ৰূপত দেখিবলৈ পাই উৎসাহী হৈ পৰিছে তেওঁলোকৰ অনুৰাগীও।


অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী সমূহৰ ভিতৰত যেতিয়াই নাম লোৱা হয় সেই নামৰ ভিতৰত জুবিন গাৰ্গ ও অংগৰাগ পাপন মহন্তৰ নামটো নিশ্চিত হৈ পৰে। একেখন মঞ্চত গীত পৰিৱেশন কৰাকে আৰম্ভ কৰি তেওঁলোকৰ বিগত মাহত হোৱা চচিয়েল মিডিয়া লাইভটোৱে ভাইৰেল হৈ পৰিছিল সচেতন মহলত।
Add comment