মুনীন বৰুৱাৰ কাহিনী ও পৰিচালনাৰে নিৰ্মিত অসমীয়া ছবি “বাৰুদ” খন আপোনালোকৰ নিশ্চয় এতিয়াও মনত আছে। নাথাকিবওনো কিয়? ছবিখনৰ কাহিনীৰ পৰা আৰম্ভ কৰি ইয়াত থকা অভিনেতা-অভিনেত্ৰী সমূহৰ অভিনয় আছিল মন কৰিবলগীয়া। বিগত বৰ্ষত অসমীয়া ছবিয়ে কিছু বেয়া দিনৰ মুখ দেখিছিল যদিও বৰ্তমান এই ছবিক্ষেত্ৰখনত নতুন সুৰুযে পোখা মেলিছে। ইখনৰ পিছত সিখনকৈ নতুন ছবিৰ আৰম্ভণিৰ খবৰ শুনিবলৈ পোৱা গৈছে বৰ্তমান। এইবাৰ এই “বাৰুদ” ছবিখনৰে দ্বিতীয়টো সংস্কৰণৰ আৰম্ভণি কৰা হ’ব; “বাৰুদ ২” ছবিখনৰ আৰম্ভণিৰ খবৰে আচলতে কিছুদিন পূৰ্বৰে পৰাই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল সচেতন মহলত। সম্প্ৰতি সময়ত ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ কথা আছিল যদিও বৰ্তমান ক’ৰ’ণা ভাইৰাছৰ আতংকৰ ফলত শ্বুটিং কৰিবলৈ সক্ষম হোৱা নাই ছবিখনৰ দ্বিতীয়টো সংস্কৰণৰ কলা-কুশলীয়ে।

পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন যুঁটীয়াভাৱে প্ৰযোজনা কৰিছে Zeal Creation আৰু Saj Entertainment য়ে। “বাৰুদ ২” ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে যতীন বৰা, ৰবি শৰ্মা, গুঞ্জন ভৰদ্বাজ, মুনমী ফুকন, প্ৰজ্ঞা পাৰমিতা, সংকল্পজিৎ হাজৰিকা, অচিন্ত্য কাশ্যপ আৰু হামাৰসিংগ খাৰমাৰে। পূৰ্বৰ দৰে “বাৰুদ ২” ত পুনৰ বাৰ দেখিবলৈ পোৱা যাব যতীন ও ৰবিৰ যুঁটি। বহু প্ৰত্যাশিত এই ছবিখনক লৈ অপেক্ষাৰত বহু অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শক। ছবিখনত সংগীত দিছে অনুৰাগ শইকীয়াই; মনোৰঞ্জন ক্ষেত্ৰত খুঁপনি পোতা একাংশ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী লগতে সংগীত শিল্পীৰ অন্তৰ্ভূক্তিয়ে ছবিখনক যে উপভোগ্য কৰি তুলিব সেয়া লক্ষ্যণীয় হৈ পৰিছে।

উল্লেখ্য যে, ২০০৪ চনত মুক্তিপ্ৰাপ্ত “বাৰুদ” ছবিখনত যতীন বৰাক নায়কৰ চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পৰিৱৰ্তে ৰৱি শৰ্মা এই ছবিখনৰ খলনায়ক আছিল। ছবিখনত ৰাজনৈতিক দলৰ একাংশ নেতাই কৰা দূনীৰ্তি ও ভ্ৰষ্টাচাৰক উপস্থাপন কৰা হৈছিল। “বাৰুদ” ত সেই সময়ত সংগীত দিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।
Add comment