Rupaliparda.com
"Peace Of Meat" ৰ বহুল জনপ্ৰিয়তাৰ পিছত এইবাৰ অৰিন্দম বৰুৱাৰ "I am We"- 1

“Peace Of Meat” ৰ বহুল জনপ্ৰিয়তাৰ পিছত এইবাৰ অৰিন্দম বৰুৱাৰ “I am We”-

পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ বৰ্তমান চৰ্চা লাভ কৰিছে চুটি ছবি সমূহে। কম সময়ৰ ভিতৰতে এটি সুন্দৰ বিষয়বস্তুক উপস্থাপন কৰাক লৈ এতিয়া উৎসাহীও হৈ পৰিছে জনসাধাৰণ। ইখনৰ পিছত সিখন চুটি ছবিৰ জনপ্ৰিয়তা বৰ্তমান মন কৰিবলগীয়া। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত এখন চুটি ছবি Peace Of Meat য়ে জনসাধাৰণৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছিল। এই চুটি ছবিখনৰ পৰিচালক অৰিন্দম বৰুৱাই ১ মিনিটৰ ভিতৰত এটা হৃদয়স্পৰ্শী বিষয়বস্তুক উপস্থাপন কৰাক লৈ বহুল হাৰত প্ৰশংসিতও কৰিছিল তেওঁক বিভিন্ন জনে। পুনৰ বাৰ এই গৰাকী পৰিচালকে নিৰ্মাণ কৰি উলিয়াইছে আন এখন চুটি ছবি “I am We”। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত এই চুটি ছবিখনে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবি সমাৰোহত লাভ কৰিবলৈ সক্ষম হৈছে সমাদৰ। আমাৰ মনুষ্য জাতিটোৰ দেহৰ গঠন ও জীৱন নিৰ্বাহৰ ধাৰা ভিন্ন হ’লেও এটা সময়ত গৈ আমি সকলোবোৰ “মানৱ জাতি” ক প্ৰতিফলিত কৰো।


“লক-ডাউন” ত অন্তৰ্ভূক্ত সকলো নীতি-নিয়ম পালনেৰে নিৰ্মিত “I am We” শীৰ্ষক এই চুটি ছবিখনত দেখুওৱা হৈছে ভিন্ন ভিন্ন প্ৰবৃত্তিৰ সৈতে জড়িত একাংশ লোকক; যিয়ে “ক’ৰ’ণা ভাইৰাছ” অথবা “লক-ডাউন” ৰ সময়ত অনুভৱ কৰা অনুভূতি ও মনস্তাত্বিক ভাৱ-ধাৰা কিছু প্ৰতিফলন কৰিছে। চুটি ছবিখনত নিৰ্দ্দিষ্ট এটা কাহিনী অথবা নিৰ্দ্দিষ্ট একোজন অভিনেতা-অভিনেত্ৰীক অন্তৰ্ভূক্ত কৰা হোৱা নাই; ইয়াত আছে কেইবাজনো লোকৰ বাস্তৱধৰ্মী জীৱনদৰ্শন। “ৰাইজে নখ জোকাৰিলে নৈ বয়”; অৰ্থাৎ আমি মনুষ্য জাতিটোৱে সমস্বৰে থিয় হ’লে ডাঙৰতকৈ ডাঙৰ ব্যাধিও ইয়াৰ মুখা-মুখি হ’ব নোৱাৰে আৰু এনে এক ভাৱ-ধাৰাক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছিল উক্ত চুটি ছবি “I am We”। চুটি ছবিখনৰ পৰিচালনাৰ লগতে ইয়াৰ সম্পাদনাৰো দায়িত্বত আছিল অৰিন্দম বৰুৱা।

"Peace Of Meat" ৰ বহুল জনপ্ৰিয়তাৰ পিছত এইবাৰ অৰিন্দম বৰুৱাৰ "I am We"- 2


Quaratine Film Challenge 2020, India ত চুটি ছবিখনে “তথ্যচিত্ৰ” ৰ শিতানত লাভ কৰিছিল Honorable Jury Mention আৰু ইয়াৰ সমান্তৰালকৈ চুটি ছবি কেইখনে আন আন ছবি সমাৰোহতো লাভ কৰিছে মনোনয়ন। চুটি ছবিখনত আছিল অনিশা দত্ত, দীপিকা গগৈ, কৃষ্ণ গগৈ, নৱাব আফচানা অনজাম, মমতা ভূঞা, অমৃত ডেকা, অনুপম দত্ত, লোকেশ ৰাওঁ, জান্হৱী গগৈ আৰু নয়নিতা গোস্বামী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform