Rupaliparda.com
এক্সক্লুচিভঃ "মোৰ মতে "ভাল" এখন চিনেমা সকলোৱে উপভোগ কৰিবলৈ ভাল পায়"- প্ৰকাশ ডেকা (জোনাকী পৰুৱা) 1

এক্সক্লুচিভঃ “মোৰ মতে “ভাল” এখন চিনেমা সকলোৱে উপভোগ কৰিবলৈ ভাল পায়”- প্ৰকাশ ডেকা (জোনাকী পৰুৱা)

অসমীয়া ছবি জগতখনে দৰ্শকক ক্ৰমশ নিজৰ পিনে টানিবলৈ আৰম্ভ কৰিছে; ব্যতিক্ৰমী বিষয়বস্তু ও নতুন চিন্তা-ধাৰাৰে নিৰ্মিত একোখনকৈ ছবিয়ে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে দৰ্শকৰ বহুল সঁহাৰি। শেহতীয়াকৈ, এখন ছবিৰ ট্ৰেইলাৰে ধ্যান আকৰ্ষণ কৰিছে অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজৰ। ঘৰুৱা দৰ্শকৰ সমুখত ছবিখনক এতিয়াও মুকলি কৰি দিয়া হোৱা নাই যদিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবি সমাৰোহত মনোনয়ন লাভ কৰি প্ৰশংসিত হোৱাৰ উপৰিও ছবিখনে আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত শ্ৰেষ্ঠ পৰিচালকৰ শিতানত মনোনয়ন লাভ কৰিবলৈও সক্ষম হৈছিল। নৱপ্ৰজন্মৰ পৰিচালক প্ৰকাশ ডেকাৰ কাহিনী, চিত্ৰনাট্য, সংলাপ ও পৰিচালনাৰে তথা মিলিন দত্ত আৰু Vortex Films ৰ যুঁটীয়া প্ৰযোজনাৰে অসমীয়া দৰ্শকৰ মাজলৈ অতি শীঘ্ৰেই আহি আছে এখন অসমীয়া ছবি “জোনাকী পৰুৱা( Fireflies)”। সমকামীতাৰ কাহিনী সন্নিৱিষ্ট উক্ত ছবিখনৰ ট্ৰেইলাৰে এতিয়া খলকনি লগাইছে সচেতন মহলত। ছবিখনৰ পৰিচালক প্ৰকাশ ডেকাৰ সৈতে ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা কথা-বতৰাত তেওঁ ছবিখন ডিজিটেল প্লেটফৰ্মত মুকলি কৰি দিয়া কথা ভাবি থকা বুলি সদৰী কৰে।


তেওঁ কয় যে, “বহুখিনি দৰ্শকৰ সঁহাৰি আমি পাইছো আৰু সমান্তৰালকৈ আন কিছুমান এনে দৰ্শকো আছে যিসকলে ছবিখন চাবলৈ অধিক উৎসাহী হৈ ৰৈছে। গতিকে আমি ছবিখন অতিশীঘ্ৰে ডিজিটেল প্লেটফৰ্মত লৈ অনা কথা ভাৱিছো; OTT প্লেটফৰ্মৰ সৈতে কথা-বতৰা চলি থকা হৈছে।” সমকামীতাৰ বিষয়বস্তুৰে নিৰ্মিত এই ছবিখনক অসমীয়া দৰ্শকে সঁহাৰি জনাবনে অথবা পৰিচালক গৰাকীয়ে এই বিষয়ত কি ভাৱে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “মোৰ মতে “ভাল” এখন চিনেমা সকলোৱে উপভোগ কৰিবলৈ ভাল পায়। সম্প্ৰতি সময়ত কোনো দৰ্শকে জলীউড, বলীউড, হলীউড অথবা টলীউডৰ বাচ-বিচাৰ নকৰি ভাল ও উপভোগ্য বিষয়বস্তুত মনোনিৱেশ কৰিছে গতিকে “জোনাকী পৰুৱা” কো দৰ্শকে আকোঁৱালি ল’ব বুলি মই ভাবো।”

এক্সক্লুচিভঃ "মোৰ মতে "ভাল" এখন চিনেমা সকলোৱে উপভোগ কৰিবলৈ ভাল পায়"- প্ৰকাশ ডেকা (জোনাকী পৰুৱা) 2


ইয়াৰ উপৰিও মই ভাবো যে,”স্বাধীনভাৱে বনোৱা মোৰ এই ছবিখনেটো এতিয়ালৈ দৰ্শকক মনোৰঞ্জন কৰোৱাৰ লগতে হৃদয়স্পৰ্শী বিষয় এটাৰে আগবাঢ়ি দৰ্শকৰ কাষ চপা যেন অনুভৱ হৈছে গতিকে আহিবলগীয়া সময়তো ছবিখন মুক্তি লাভ কৰা পিছত ঘৰুৱা দৰ্শক খিনিয়েও ছবিখনক আকোঁৱালি ল’ব যেন মোৰ ভাৱ হয়।” উল্লেখ্য যে, ছবিখনৰ মূখ্য চৰিত্ৰ সমূহত অভিনয় কৰিছে ক্ৰমে বেঞ্জামিন দৈমাৰী, পলাশ মেছ, বিটপী দত্ত, নিবেদিতা কলিতা, মানস ৰঞ্জন আৰু আন বহুকেইজন ন-পূৰণি শিল্পীয়ে । চলচিত্ৰ মহোৎসৱৰ শেহতীয়া খবৰ মতে এই ছবিখন ২২ তাৰিখৰ পৰা অনুষ্ঠিত হ’বলগীয়া দক্ষিণ এছিয়াৰ বৃহত্তম LGBTQIA+ চলচিত্ৰ মহোৎসৱ “Kashish Mumbai International Queer Film Festival 2020” লৈকে প্ৰতিযোগিতাৰ শাখাত নিৰ্বাচত হয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform