Rupaliparda.com
"বান্ধোন" লৈ আহিল অভিনেতা সিদ্ধান্ত কলিতাঃ 1

“বান্ধোন” লৈ আহিল অভিনেতা সিদ্ধান্ত কলিতাঃ

ধাৰাবাহিক “বান্ধোন” ত আকৌ এবাৰ এগৰাকী নতুন অভিনেতাৰ সংযোজন। অসমীয়া অভিনয় ক্ষেত্ৰৰ নানান গৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ অভিনয় দেখিবলৈ পোৱা গৈছিল উক্ত ধাৰাবাহিক খনত। ইয়াৰ সমান্তৰালকৈ এইবাৰ “বান্ধোন” লৈ আহিছে অভিনেতা সিদ্ধান্ত কলিতা। এগৰাকী আৰক্ষী বিষয়াৰ ৰূপত ধাৰাবাহিকখনত দেখিবলৈ পোৱা যাব সিদ্ধান্তক। নিজ চচিয়েল মিডিয়া একাউন্টৰ দ্বাৰা ব্যক্তিগতভাৱে এই কথা সদৰী কৰে অভিনেতা গৰাকীয়ে। ৰং চেনেলত সম্প্ৰচাৰিত এই ধাৰাবাহিক খনত সংযোজিত বিভিন্ন শিল্পীয়ে প্ৰায়ে দিয়া একোটা আপডেটৰ জৰিয়তে দৰ্শকৰ মন টনা দেখিবলৈ পোৱা যায়। “বিধাতা” ধাৰাবাহিকখনৰ পিছত বাপা আহমেদৰ পৰিচালনাৰে চলিত বৰ্ষৰ প্ৰথমটো মাহৰ পৰা প্ৰচাৰিত কৰা হৈছিল “বান্ধোন”।

https://www.instagram.com/p/CB5ciQiJJXa/?utm_source=ig_web_copy_link
"বান্ধোন" লৈ আহিল অভিনেতা সিদ্ধান্ত কলিতাঃ 2


সংসাৰৰ বিভিন্ন বান্ধোন আৰু সদস্য সকলৰ মাজত কোনো কাৰণবশতঃ হোৱা মতভেদৰ আধাৰ লৈয়ে নিৰ্মাণ কৰা হৈছিল এই ধাৰাবাহিক খন। ইয়াত অভিনয় কৰিছে ক্ৰমে গীতাৱলী ৰাজকুমাৰী, প্ৰতিভা চৌধুৰী, দ্বীপন গোস্বামী, মুনমী কলিতা, পংকজ পূজাৰী, কংকী বৰদলৈ, দেৱাশিস বৰঠাকুৰ, অৰ্চনা পূজাৰী, অশ্বিনী ভূঞা, ৰূপম বৰুৱা, অমল বৰুৱা, অনন্যা কাশ্যপ, ৰুমা কলিতা, নীলিম দত্ত, কিশোৰ দাস, ফ্ৰেংকী বৰুৱা, যতীন্দ্ৰ নাথ খনিকৰ, বিজয় শংকৰ শইকীয়া, কমল ৰেৱতী, মণিকা ভৰালী আৰু অজন্তা বৰুৱাই। ইয়াত কাহিনী মৈত্ৰেয়ী গোস্বামীৰ। বাপা আহমেদৰ দ্বাৰা পৰিচালিত প্ৰায় সমূহ ধাৰাবাহিকেই আচলতে দৰ্শকৰ মন জয় কৰা দেখিবলৈ পোৱা যায় আৰু ইয়াৰ ভিতৰত “বান্ধোন” হৈছে অন্যতম।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform