Rupaliparda.com
চচিয়েল মিডিয়াত বাৰে বাৰে আজুৰি অনা হৈছে শিল্পীকঃ এইবাৰ ট্ৰোলৰ সন্মুখীন বৰষা ৰাণী বিষয়া- 1

চচিয়েল মিডিয়াত বাৰে বাৰে আজুৰি অনা হৈছে শিল্পীকঃ এইবাৰ ট্ৰোলৰ সন্মুখীন বৰষা ৰাণী বিষয়া-

চচিয়েল মিডিয়াত বহু নতুন ও উপযোগী তথ্যৰ সলনি এই চচিয়েল মিডিয়াই এতিয়া একাংশক ট্ৰোল কৰা দেখিবলৈ পোৱা গৈছে। এই ট্ৰোলৰ ক্ষেত্ৰত প্ৰায়ে একাংশই আজুৰি অনা দেখা গৈছে অসমীয়া চলচিত্ৰ ক্ষেত্ৰৰ অভিনেতা-অভিনেত্ৰী সমূহক। এইবাৰ এনে ট্ৰোলৰ আগ্ৰাসনত সোমাইছে অভিনেত্ৰী বৰষা ৰাণী বিষয়া; অসমীয়া চলচিত্ৰত কেইবা বছৰ ধৰি জড়িত হৈ থকা বৰষা ৰাণীৰ সংবাদ মাধ্যমত দিয়া এটা সাক্ষাৎকাৰৰ ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। ভুলবশতঃ ২০২১ চনত তেওঁ মুম্বাইলৈ গৈছিল বুলি ব্যক্তি কৰিছিল ভিডিঅ’টোত।

চচিয়েল মিডিয়াত বাৰে বাৰে আজুৰি অনা হৈছে শিল্পীকঃ এইবাৰ ট্ৰোলৰ সন্মুখীন বৰষা ৰাণী বিষয়া- 2

পুৰণি এই ভিডিঅ’টোৰ বাবে অভিনেত্ৰী গৰাকীয়ে ক্ষমাও খুজিছিল ৰাইজৰ ওচৰত কিন্তু তাৰ পিছতো যেন একাংশৰ বাবে এই ক্ষমাই নাছিল যথেষ্ট। বিগত কেইবাদিনো ধৰি এই ভিডিঅ’ ক্লিপ ভাইৰেল কৰি থকা দেখিবলৈ পোৱা গৈছে। বৰষা ৰাণীক ট্ৰোল কৰা কথাটোক লৈ এতিয়া সকলোৰে আগত আহ্বান জনাইছে চিনাকী বৈদেহী ওৰফে হিমাক্ষী কলিতাই। অসমীয়া অভিনয় ক্ষেত্ৰখন তেনেই সৰু তাতেই আকৌ যদি জনসাধাৰণে এনেদৰে ট্ৰোল কৰে তেনেহ’লে শিল্পী সকলে কেনেদৰে এই ক্ষেত্ৰখনত মনোনিৱেশ কৰিব পাৰিব বুলি প্ৰশ্নৰ উত্থাপন কৰে হিমাক্ষী কলিতাই। বিগত সময়ছোৱাত ভুল মন্তব্য কিছুমানৰ বাবে আচলতে তেওঁকো ৰাইজে যথেষ্ট থকা-সৰকা কৰা দেখা গৈছিল।

চচিয়েল মিডিয়াত বাৰে বাৰে আজুৰি অনা হৈছে শিল্পীকঃ এইবাৰ ট্ৰোলৰ সন্মুখীন বৰষা ৰাণী বিষয়া- 3


কোৱাৰেন্টাইনৰ সময়ছোৱাত প্ৰায়ে বৰষা ৰাণী বিষয়াক বিভিন্ন পোষ্ট কৰি জনসাধাৰণক আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছিল লগতে তেওঁ ব্যক্তিগত ইউটিউব চেনেলতো তেওঁৰ একাংশ পূৰণি জনপ্ৰিয় ছবিৰ কিছু স্মৃতিক দৰ্শকৰ ওচৰত দাঙি ধৰাৰ প্ৰচেষ্টা হাতত লৈছিল। ইয়াৰ উপৰিও, সম্প্ৰতি বৰষা ৰাণী বিষয়াক টিক-টকতো সক্ৰিয় ৰূপত দেখা যায়। অভিনেত্ৰী গৰাকীয়ে প্ৰায়ে নৃত্য পৰিৱেশন কৰি দৰ্শকক আকৰ্ষিত কৰে। বৰষা ৰাণী বিষয়াক সামাজিক কিছু ক্ষেত্ৰতো মাত মতা দেখিবলৈ পোৱা যায়। জনসাধাৰণৰ কন্ঠ হৈ তেওঁ বিতৰ্কিত “কা” বিৰোধী আন্দোলনতো আগ-ভাগ লৈছিল। আনহাতে, কোৱাৰেন্টাইনৰ সময়ছোৱাত নিজ অনুৰাগীক তেওঁৰ কচৰৎ সমূহো ভিডিঅ’ আকাৰে প্ৰস্তুত কৰি দেখুৱাইছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform