সত্ৰীয়া সংস্কৃতিৰ জনপ্ৰিয় শিল্পী তথা ভীমা বায়ন বংশৰ মূখ্য বায়ন লগতে সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত জগন্নাথ বায়নে “বৰপেটা শিৰোমণি বঁটা” ৰ বাবে লাভ কৰিছে মনোনয়ন। খোলবাদ্যত পোন প্ৰথমবাৰৰ বাবে সংগীত নাটক অকাডেমী বঁটা লাভ কৰা সত্ৰভূষণ জগন্নাথ বায়ন ভীমা বায়ন বংশৰ মূখ্য বায়ন। ভীমা বায়ন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক আছিল। তেওঁ বৰদোৱাত পৰিবেশিত ” চিহ্নযাত্ৰা” নাটকৰ বায়ন আছিল; গুৰুজনাৰ লগত ভীমাবায়নে তাঁতীকুছিলৈ আহিছিল আৰু পিছলৈ বৰপেটা সত্ৰৰ সেৱাৰ কামত জড়িত হৈ পৰিছিল। ভীমা বায়নৰে জগন্নাথ বায়নদেৱ হৈছে উত্তৰপুৰুষ। সত্ৰনগৰী বৰপেটাত ১৯২৫ খ্ৰীষ্টাব্দতে জন্মগ্ৰহণ কৰা জগন্নাথ বায়নৰ জন্মৰ পিছত পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাত তেওঁ দ্বিতীয়মান শ্ৰেণীতেই শিক্ষা সাং কৰি জীৱিকাৰ সন্ধান চলায়। ইয়াৰ মাজতেই জগন্নাথ বায়নে সময় উলিয়াই নিজ পিতৃৰ পৰা শিকিবলৈ আৰম্ভ কৰে খোলবাদ্য কিন্তু নিয়ঁতিৰ নিষ্ঠুৰ পৰিহাস। জগন্নাথ বায়নৰ মূৰৰ পৰা নিঁয়তিয়ে কাঢ়ি নিলে তেওঁ পিতৃৰ মৰমৰ বুলোৱা দুহাত। নিঁয়তিৰ নিষ্ঠুৰ পৰিহাস হ’লেও ইয়াৰ মাজৰ পৰাই জগন্নাথ বায়নে পিতৃ মহৰ বায়নৰ পৰম্পৰা আগবঢ়াই লৈ যাবলৈ অহৰহ প্ৰচেষ্টা চলাই গৈ থাকিল।

খোলবাদনৰ শিক্ষা অৰ্জন কৰিবলৈ তেওঁ কাষ চাপিলে ৰামকৃষ্ণ বায়নৰ। ইয়াৰ কিছুদিন পিছত ৰামকৃষ্ণ বায়নৰো মৃত্যু হোৱাত জগন্নাথ বায়ন কাষ চাপে তেওঁৰ আন এগৰাকী গুৰু ভগৱান বায়নৰ। জগন্নাথ বায়নে বিগত ২০ বছৰ ধৰি অবিৰতভাৱে সত্ৰীয়া সংস্কৃতি জীয়াই ৰখাত মনোনিৱেশ কৰিছে। তেওঁ বিভিন্ন ঠাইলৈ গৈ ছাত্ৰসকলক খোলবাদনৰ বিনামূলীয়া শিক্ষাৰ প্ৰদানৰ লগতে ১৯৮৫ খ্ৰীঃ অসমৰ সাংস্কৃতিক সঞ্চালকালয়ে তেওঁৰ খোল বাদনৰ বোল বাণীবদ্ধ কৰে। জগন্নাথ বায়নৰ বৰ্তমান বয়স ৯২ বছৰ; ১৯৮৭ খ্ৰীঃ ৰ পৰা ২০১৫ চনলৈ চৰকাৰৰ ফালৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা এই শিল্পী গৰাকীয়ে লাভ কৰে সৰু বৰ মুঠ ২০ টাকৈ বঁটা।

শ্ৰী মন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ এই গুৰু দুজনাৰ অন্যতম সৃষ্টি সত্ৰীয়া সংস্কৃতিক ধৰি ৰখাৰ বাবে জগন্নাথ বায়নৰ দৰে বহু গৰাকী শিল্পী বৰ্তমানেও অসমত প্ৰতিষ্ঠিত। প্ৰচাৰ বিমুখী এনেবোৰ শিল্পীয়ে কেৱল মাত্ৰ মনোনিৱেশ কৰিছে নিজৰ ও অসমীয়া সংস্কৃতি ধৰি ৰাখিবলৈ।
Add comment