ক্ষন্তেকতে জনপ্ৰিয় হৈ পৰা “আখুঁনী” য়ে আপ্লুত কৰিছিল চলচিত্ৰ প্ৰেমী দৰ্শকক। ছবিখন নেটফ্লিক্সত মুক্তি পাবলগীয়া কথাটোৰ পৰা আৰম্ভ কৰি ই চৰ্চা লাভ কৰিছিল বহু ক্ষেত্ৰত। উত্তৰ-পূৰ্বাঞ্চলৰ ৰীতি-নীতিকে আদি কৰি তেওঁলোকৰ পিন্ধন-উৰণ অথবা দেহৰ গঠনত প্ৰায়ে অন্য ৰাজ্যত তেওঁলোকক হাঁহিয়াতৰ পাত্ৰ কৰা দেখিবলৈ পোৱা যায়। আচলতে, এনেবোৰ ঘটনা প্ৰায়ে সুলভ বুলি ক’লেও ভুল কোৱা নহ’ব। ৰূপালীপৰ্দাত কিছুদিন পূৰ্বেই ছবিখনৰ দৃশ্যগ্ৰহণকাৰী পৰাশৰ বৰুৱাই ছবিখন নিৰ্মাণৰ ক্ষেত্ৰত সুন্দৰভাৱে কিছু কথা ব্যক্ত কৰিছিল আৰু তাৰ পৰাই হয়টো পঢ়ূৱৈ অনুমান কৰিব পাৰিছিল যে ছবিখন সঁচাকৈ কিছু বাস্তৱধৰ্মী কাহিনীৰ উপস্থাপন। ছবিখনৰ পৰিচালনা আৰু কাহিনীৰ আঁৰত থকা Nicholas Kharkongor ৰ সৈতে ৰূপালীপৰ্দাৰ হোৱা কথা-বতৰাই ছবিখনৰ বিষয়ে অধিক জনাত আপোনালোকক নিশ্চয় সহায় কৰিব। উশৃংখল শব্দ, থ্ৰীলাৰ, ক্ৰাইম অথবা এক্সন নথকা এই ছবিখনে সাধাৰণভাৱেই দৰ্শকৰ মন গহ্বৰত ঠাই বনাবলৈ সক্ষম হৈছিল। ছবিখনে লাভ কৰা জনপ্ৰিয়তা আচলতে বৰ্তমান মানুহৰ মুখে মুখে চলি থকা প্ৰশংসাৰ পৰা ধৰিব পৰা যায়।
“আঁখুনী” ৰ পৰিচালক Nicholas Kharkongor ৰ সৈতে হোৱা কথা বতৰাত যেতিয়া তেওঁক ছবিখনৰ কাহিনীৰ বাস্তৱধৰ্মীতাৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “আমি যেতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ লোক বোৰ বাহিৰলৈ কৰ্মৰ ক্ষেত্ৰত অথবা পঢ়িবলৈ যাওঁ তেতিয়া “আখুঁনী” কাহিনীৰ দৰেই আমাৰ লগত হয়; দিল্লী, মুম্বাই অথবা বাংগালুৰুলৈ যাওঁ তেতিয়া এনেবোৰ কাহিনী একেবাৰেই সুলভ হৈ পৰে। চিনেমা খনটো তুমি চাইছা নহয়? তাত থকা কেইবাটাও দৃশ্য যেনে ধৰা এই এটা সৰু ল’ৰাই যে সোধে “আপুনি চকুৰে এই আটাইবোৰ বস্তু দেখা পাইছেনে?” এই কথাবোৰ আচলতে ব্যক্তিগত; মোৰ ঘৰৰ মালিকে নিজেই আহি এই প্ৰশ্নটো মোক কৰিছিল। এনে ধৰণৰ কিছু কথা মোৰ লগতে সংঘটিত আৰু কিছু কিছু ঘটনা মই গৱেষণা কৰিও লৈছিলো; গতিকে হয় ইয়াৰে কিছু ঘটনা একেবাৰেই ব্যক্তিগত আৰু ব্যক্তিগত জীৱনত অনুভৱ কৰি পাইছো।” আনহাতে যেতিয়া পৰিচালক গৰাকীক উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়বস্তু লৈ ছবি নিৰ্মাণৰ পিছত তেওঁলোকে লাভ কৰা যথেষ্ট প্ৰশংসাৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কয় যে,
“কেতিয়াও এনেদৰে উত্তৰ-পূৰ্বাঞ্চলক কাহিনীক কোনোৱে উপস্থাপন কৰা নাছিল আৰু সঁচা কথা ক’বলৈ গ’লে ইয়াক উপস্থাপনৰ ইচ্ছা আচলতে কোনো এতিয়ালৈ কৰাই নাই। বলীউড অথবা হলীউডত এনেধৰণৰ কাহিনী উপস্থাপন কোনোদিন কৰা হোৱা নাই গতিকে মই যেতিয়া এখন ছবি নিৰ্মাণৰ সুযোগ পালো তেতিয়া মোৰ একমাত্ৰ এটাই কথা আছিল যে মই কেনেদৰে উত্তৰ-পূৰ্বাঞ্চলক সকলোৰে ওচৰত লৈ আনিব পাৰো সেইবাবেই মই এটা উত্তৰ-পূূৰ্বাঞ্চলৰ কাহিনী আৰু এই ঠাইখিনিৰেই অভিনেতা-অভিনেত্ৰীক লগত লৈ ছবিখন নিৰ্মাণৰ কথা ভাৱিছিলো । বহু লোকে ছবিখন চাই ভাল পোৱাত আচলতে মই বহুত উৎসাহী হৈছো; কাৰণ ইয়াৰ কাহিনী লিখি থাকোতে ভাৱিছিলো যে কোনেনো চাব এইখন কেৱল মাত্ৰ আমাৰ মানুহ খিনিৰ মাজতেই ৰৈ যাব নেকি! কিন্তু তেনে নোহোৱাত সঁচাকৈ বৰ ভাল লাগিছে। এটা মনৰ ভিতৰত খুঁট ৰৈ গ’ল যে মই সকলো নৰ্থ-ইষ্টৰ সংস্কৃতিক দেখুৱাব পৰা নাই; ছবি এখনত প্ৰত্যেকটো সংস্কৃতিক প্ৰতিফলিত কৰা সহজো নাছিল অৱশ্যে। তৎস্বত্বেও জনসাধাৰণৰ এনে সঁহাৰিত মই সঁচাকৈ আপ্লুত।”
Add comment