Rupaliparda.com
কমল লোচন ও শ্ৰেষ্ঠা চৌধুৰীৰ অভিনয়েৰে আহি আছে চুটি ছবি "I like your t-shirt"- 1

কমল লোচন ও শ্ৰেষ্ঠা চৌধুৰীৰ অভিনয়েৰে আহি আছে চুটি ছবি “I like your t-shirt”-

প্ৰেম-প্ৰেম লগা অনু্ভূতিৰ সাগৰত উটি যাবলৈ সকলোৱে বিচাৰে; প্ৰেমৰ বস্তুবোৰে আচলতে প্ৰত্যেককে নিজৰ ফলীয়া কৰে সেইবাবেই হয়টো বহুতেই এনেবোৰ বস্তুৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে। বৰ্তমান চচিয়েল মিডিয়াত ট্ৰেণ্ডিঙত চলি আছে এগৰাকী নৱপ্ৰজন্মৰ অভিনেতা। যাৰ অভিনয়কে আৰম্ভ কৰি ব্যক্তিত্ব দিশৰ পৰাও অভিনেতাগৰাকীয়ে বহু দৰ্শকক নিজ অনুৰাগী কৰি তোলাত সক্ষম হৈছে। কেৱল এখন ধাৰাবাহিকত কৰা অভিনয়েৰে যে তেওঁ চচিয়েল মিডিয়াত ট্ৰেণ্ড কৰিছে তেনে নহয়; কমল লোচনৰ অভিনয়েৰে মুক্তি পাবলৈ আগবাঢ়িছে আন এখন চুটি “I like your t-shirt”। ইতিমধ্যে ছবিখনৰ মুকলি কৰা হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ; ছবিখনত কমল লোচনৰ উপৰিও অভিনয় কৰিছে আন এগৰাকী উদীয়মান অভিনেত্ৰী শ্ৰেষ্ঠা চৌধুৰী। “লক-ডাউন” ৰ সময়ছোৱাত প্ৰেমময় ৰঙত ৰঙীণ কৰি তুলিবলৈ উক্ত চুটি ছবিৰ প্ৰচেষ্টা হাতত লৈছে একাংশ যুৱক-যুৱতীয়ে।

কমল লোচন ও শ্ৰেষ্ঠা চৌধুৰীৰ অভিনয়েৰে আহি আছে চুটি ছবি "I like your t-shirt"- 2


যিমানেই ঘাত-প্ৰতিঘাত, প্ৰাপ্তি-অপ্ৰাপ্তি, মিল-অমিল, অভিমান, অভিযোগৰ দীঘলীয়া শাৰী নাথাকক কিয়; দুই ব্যক্তিবিশেষৰ প্ৰেমে এই আটাইবোৰ নস্যাৎ কৰি কেৱল আগলৈ খোজ দিয়ে। প্ৰেমৰ সম্পৰ্কত ইজনৰ তাত থকা শূণ্যতাক আনজনে পৰিপূৰ্ণ কৰি তুলিবলৈ সমগ্ৰ বাধা নেওঁচি আগবাঢ়ে। “অধিকাৰ” শব্দটোতেই সন্নিৱিষ্ট হৈ থাকে প্ৰেমিকদ্বয়ৰ ঘনিষ্ঠতা। এই আটাইবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অনুভৱক একত্ৰিত কৰি লিখি উলিওৱা হৈছে উক্ত চুটি ছবিখনৰ কাহিনীভাগ। ইয়াত অভিনয় কৰিছে কমল লোচন আৰু শ্ৰেষ্ঠা চৌধুৰীয়ে লগতে ইয়াৰ পৰিচালনা আৰু কাহিনী প্ৰাঞ্জল গৈয়াৰীৰ।

কমল লোচন ও শ্ৰেষ্ঠা চৌধুৰীৰ অভিনয়েৰে আহি আছে চুটি ছবি "I like your t-shirt"- 3


ছবিখনৰ চিত্ৰনাট্য ও সংলাপ ডানিশৰ আৰু ইয়াৰ দৃশ্যগ্ৰহণ, সম্পাদনাৰ দায়িত্বত আছে তিৰাপ সীমান্ত মেধি। আনহাতে ছবিখনৰ প্ৰডাকচন মেনেজাৰ অভিজিৎ শৰ্মা। ইয়াত সংযোজিত সংগীত পৰিচালনা ও কন্ঠশিল্পী হৈছে জোনাকী মন আৰু আৱহ সংগীতৰ দায়িত্বত আছে অভিজিৎ দাস। ছবিখনৰ পৰিচালক প্ৰাঞ্জল গৈয়াৰীৰ আহিবলগীয়া সময়ত এন.কে প্ৰডাকচনৰ বেনাৰত জনসাধাৰণে উপভোগ কৰিবলৈ পাব এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “দ্যা শ্লেমবুক”।ইয়াৰ উপৰিও, “দ্যা শ্লেমবুক” ত মূখ্য অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়ন কৰিছে শ্ৰেষ্ঠাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform