Rupaliparda.com
"হট টিচ্ছাৰ" হৈ আকৌ ট্ৰোল হ'ল স্বৰা ভাস্কৰঃ 1

“হট টিচ্ছাৰ” হৈ আকৌ ট্ৰোল হ’ল স্বৰা ভাস্কৰঃ

প্ৰায়ে চচিয়েল মিডিয়াত ট্ৰেণ্ডিঙত থকা অথবা ট্ৰোলৰ সন্মুখীন হৈ থকা স্বৰা ভাস্কৰ আকৌ এবাৰ ট্ৰোলৰ আগ্ৰাসনত। তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ৱেব চিৰিজ “ৰসভৰী” ৰ বাবে অভিনেত্ৰী গৰাকী আৰু ৱেব চিৰিজ খনৰ নিৰ্মাতা ও এমেজন প্ৰাইম টাইমক উদ্দেশ্যি বিভিন্ন মিম ৰ প্ৰস্তুত কৰি ভাইৰেল কৰি তোলা হৈছে চচিয়েল মিডিয়াত। স্বৰা ভাস্কৰে উক্ত ৱেব চিৰিজ খনৰে এখন পোষ্টাৰ শ্বেয়াৰ কৰি তেওঁ নিজকে “হট টিচ্ছাৰ” আখ্যা দিয়ে আৰু ইয়াৰ বাবেই স্বৰা ভাস্কৰ সন্মুখীন হ’বলগীয়া হৈছে অধিক ট্ৰোলৰ। এই ৱেব চিৰিজ খন বহুল প্ৰচাৰৰ অবিহনেই মুক্তি দিয়া হৈছিল ডিজিটেল প্লেটফৰ্মত। স্বৰা ভাস্কৰ প্ৰায়ে টুইটাৰ ট্ৰেণ্ডিঙত থাকে; তেওঁৰ বিৰুদ্ধে বিভিন্ন জনে বিভিন্ন সময়ত গোচৰ ৰুজু কৰা দেখা পোৱা যায়। বিতৰ্কিত “কা” আন্দোলনৰ সময়ত ভিন্ন জাতি সমূহৰ মাজত বৈষম্যৰ সৃষ্টি কৰাৰ আৰোপত তেওঁক জেললৈ প্ৰেৰণ কৰাৰো কথা চলিছিল চচিয়েল মিডিয়াত।


উল্লেখ্য যে, স্বৰা ভাস্কৰে তেওঁৰ বিৰুদ্ধে কৰা প্ৰত্যেকটো টুইটৰ উত্তৰ দিয়ে। তেওঁ ছবিসমূহত কৰা অভিনয়তকৈ অধিক তেওঁ চচিয়েল মিডিয়াত দৰ্শকৰ ক্ষোভৰ স্বীকাৰ হ’বলগীয়া হয়। প্ৰায়ে তেওঁৰ ওপৰত পক্ষপাতিত্ব কৰাৰ আৰোপ লগোৱা পৰিলক্ষিত হয়। কেৱল মাত্ৰ এটা ফালৰ বাবে মন্তব্য কৰা বুলি বহুজনে ইতিমধ্যে তেওঁক কৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.