Rupaliparda.com
ৱেষ্টাৰ্ন লুকেৰে অনুৰাগীক আকৰ্ষণ কৰিছে প্ৰিয়ংকা ভৰালীয়েঃ 1

ৱেষ্টাৰ্ন লুকেৰে অনুৰাগীক আকৰ্ষণ কৰিছে প্ৰিয়ংকা ভৰালীয়েঃ

অসমীয়া কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ নতুন লুকে মোহাচ্চন্ন কৰিছে অনুৰাগীক। সংগীতৰ সমান্তৰালকৈ এইবাৰ নতুন লুকেৰে দৰ্শকক আকৰ্ষণ কৰিছে কন্ঠশিল্পী গৰাকীয়ে। প্ৰায়ে ভিন্ন ফটো অথবা পোষ্টেৰে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা প্ৰিয়ংকা ভৰালীক বিগত কেইবাদিনৰ পৰাই দেখিবলৈ পোৱা গৈছে নতুন ৰূপত। ৱেষ্টাৰ্ন কাপোৰৰ সৈতে নতুনকৈ দেখিবলৈ পোৱা প্ৰিয়ংকা ভৰালীৰ ফটো সমূহতো অনুৰাগীৰ কমেন্ট মনকৰিবলগীয়া। সমসাময়িক কন্ঠশিলী সমূহৰ মাজত আচলতে প্ৰিয়ংকা ভৰালীৰ জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়। তেওঁৰ গীত সমূহ মুক্তি পোৱাৰ পিছতেই লাভ কৰে দৰ্শক ও শ্ৰোতাৰ বহুল সঁহাৰি। ১৯৮৮ চনৰ ১০ অক্টোবৰত জন্মগ্ৰহণ কৰা প্ৰিয়ংকা ভৰালীয়ে সৰুৰ পৰাই বিভিন্ন জন গুৰুৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল। এটা সাক্ষাৎকাৰত কন্ঠশিল্পী গৰাকীয়ে নিজেই ব্যক্ত কৰিছিল যে তেওঁলোকৰ ঘৰুৱা অৱস্থা অৰ্থনৈতিকভাৱে টনকিয়াল নোহোৱাত কন্ঠশিল্পী গৰাকীয়ে ঘৰতেই টিউচন কৰোৱাই সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।

https://www.instagram.com/p/CB2BElAHHsj/?utm_source=ig_web_copy_link
ৱেষ্টাৰ্ন লুকেৰে অনুৰাগীক আকৰ্ষণ কৰিছে প্ৰিয়ংকা ভৰালীয়েঃ 2
ৱেষ্টাৰ্ন লুকেৰে অনুৰাগীক আকৰ্ষণ কৰিছে প্ৰিয়ংকা ভৰালীয়েঃ 3


২০০৯ চনতে তেওঁ এই সংগীত ক্ষেত্ৰখনত প্ৰফেচনেলি সোমাই পৰিছিল; তেওঁৰ প্ৰথমটো গীত আছিল “জানমণি” ভিচিডিৰ “কাহিলী পুৱাতে জান ঐ”। ইয়াৰ পিছৰ পৰাই তেওঁ কেইবাটাও গীতত কন্ঠদান কৰি শ্ৰোতাক গুণমুগ্ধ কৰি তুলছিল। ইয়াৰ ভিতৰত আছিল “চেঁচা পৰি যাব নিদিবা”, “অকুৱা পকুৱা”, “হেভি হেণ্ডচাম”, টেক্সি গাড়ী” লৈ ইত্যাদি। মিলিয়নৰ অংকত ভিউৱাৰচ তেওঁৰ প্ৰতিটো গীতত। শেহতীয়াকৈ বহু দিনৰ পিছত মুক্তি লাভ কৰা তেওঁৰ “এবাৰ চোৱানা” শীৰ্ষক গীতটিয়ে ইতিমধ্যে লাভ কৰিছে অনুৰাগীৰ বহুল সমাদৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform